৫২ সংখ্যক কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱসৰ লগত সংগতি ৰাখি আজি অসম গণ পৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে নাজিৰা আইন কোষৰ উদ্যোগত আৰু নাজিৰা বিধান পৰিষদৰ সহযোগত এক শিল্পী সম্বৰ্ধনা কাৰ্যসূচী সম্পন্ন কৰা হয়৷উক্ত কাৰ্যসূচী হিচাবে নাজিৰা মহকুমাৰ দুই অনাতাঁৰ শিল্পী তথা স্বদেশপ্ৰেমৰ গীতেৰে অসমৰ বিভিন্ন প্ৰান্তত বিশেষকৈ জ্যোতি-বিষ্ণু-ভূপেন্দ্ৰ সংগীত আৰু পাৰ্বতী প্ৰসাদ বৰুৱাৰ কালজয়ী গীতেৰে জনতাক আপ্লুত কৰা দিলীপ কুমাৰ দাস আৰু প্ৰসাদ শইকীয়াক অসমৰ প্ৰধান আঞ্চলিক দলটিৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জনোৱা হয়৷উক্ত কাৰ্যসূচীৰ উদ্যোগ লয় অগপৰ নাজিৰা আইন কোষৰ আহ্বায়ক পংকজ মহন্তই আৰু সহযোগিতা আগবঢ়াই নাজিৰা বিধান পৰিষদৰ সভাপতি মৃদুল মহন্ত,সম্পাদক প্ৰাঞ্জল বৰঠাকুৰ,সদস্য দিগন্ত কুমাৰ দাসে লগতে উপস্থিত থাকি উৎসাহিত কৰে সমাজকৰ্মী ফটিক বৰুৱাই৷
কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱসৰ লগত সংগতি ৰাখি আজি অসম গণ পৰিষদ নাজিৰা আইন কোষৰ উদ্যোগত আৰু নাজিৰা বিধান পৰিষদৰ সহযোগত এক শিল্পী সম্বৰ্ধনা কাৰ্যসূচী ৷
