ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে নাজিৰা মহকুমা প্ৰশাসন আৰু নাজিৰা মহকুমাৰ স্বাস্থ্য বিভাগে ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া তীব্রতৰ কৰি তোলাৰ এক পৰিকল্পনা গ্ৰহণ কৰিছে। অহা ইংৰাজী ২১ জুন তাৰিখৰ পৰা ১৮ বছৰ ঊৰ্ধৰ ব্যক্তি সকলৰ বাবে ক’ভিচিল্ডৰ ভেকচিন প্ৰদানৰ এক বিশেষ প্ৰতিষেধক কাৰ্যসূচী মহকুমা প্ৰশাসনে আয়োজন কৰিছে। পুৱা ৮ বজাৰ পৰা শিমলুগুৰি নাট্য মন্দিৰ তথা নাজিৰা নাট্য মন্দিৰত অনুষ্ঠিত হবলগীয়া এই শিবিৰ কেইটাত ১৮ বছৰৰ ঊৰ্ধৰ লোক সকলে উপস্থিত হৈ তেওঁলোকৰ চাহিদা অনুসৰি ক’ভিচিল্ডৰ প্ৰথম অথবা দ্বিতীয়া পালি ভেক্চিন লব পাৰিব। দুয়োতা কেন্দ্ৰতে ৩০০ পালি প্ৰতিষেধক প্ৰদান কৰা হব। ৩০০ ৰ ভিতৰত প্ৰথম পালি প্রায় ২৭৫ জন লোকক আৰু দ্বিতীয় পালি ২৫ জন লোকক প্ৰদান কৰাৰ সিদ্ধান্ত মহকুমা প্ৰশাসনে গ্ৰহণ কৰিছে।উল্লেখযোগ্য যে টীকাকৰণৰ বাবে ইচ্ছুক লোক সকলে টীকাকৰণৰ দিনাই শিবিৰ কেইটাত উপস্থিত হৈ নিজৰ নাম টীকাকৰণৰ বাবে পঞ্জীয়ন ভুক্ত কৰাব পাৰিব তথা টীকাকৰণৰ খেত্ৰত সোনকালে নাম পঞ্জীয়ন কৰা লোকসকলক প্ৰাধান্য দিয়া হব। ৩০০ ব্যক্তিৰ পঞ্জীয়ন হৈ যোৱাৰ পিছত কোনো লোকৰ নাম পঞ্জীয়ন কৰা নহ’ব।লগতে মহকুমা প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে যে নাম পঞ্জীয়ন কৰিবলৈ অহা ব্যক্তি সকলে বৈধ পৰিচয় পত্ৰ, যেনে আধাৰ বা পেন কাৰ্ড বা ভোটাৰ আই. দি. কাৰ্ড প্ৰদৰ্শন কৰিব লাগিব । উল্লেখযোগ্য যে মহকুমাধিপতি সব্যসাচী কাশ্যপে নাজিৰা বাসী ৰাইজক এই বিশেষ প্ৰতিষেধক শিবিৰ কেইটাৰ পৰা প্ৰতিষেধকৰ সুবিধা লবলৈ অনুৰোধ জনোৱাৰ লগতে সকলোকে ক’ভিড প্ৰটকল সমূহ আখৰে আখৰে পালন কৰিবলৈ আহ্বান জনাইছে৷
নাজিৰা মহকুমাত ক’ভিচিল্ড ভেকচিনৰ বিশেষ প্ৰতিষেধক শিবিৰ৷
