PR NEWS ASSAM নাজিৰাঃ
নাজিৰাৰ বিহুবৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান,গ্ৰেপ্তাৰ এক মহিলা, সাংবাদিকক দিলে ভাবুকি৷
নাজিৰা মহকুমাৰ অন্তৰ্গত বিহুবৰৰ ঔগুৰিজানত অঞ্জলী বৰুৱা দাস(৪২) উপাধিৰ এগৰাকী মহিলাৰ ঘৰত ড্ৰাগছ উদ্ধাৰ কৰে বিহুবৰ আৰক্ষীয়ে আৰু লগে লগেই উক্ত মহিলা গৰাকীক গ্ৰেপ্তাৰ কৰে৷উল্লেখ্য যে দীৰ্ঘদিনধৰি বিহুবৰ এলেকাত নিষিদ্ধ ড্ৰাগছৰ বেহাত উক্ত মহিলাগৰাকী জড়িত হোৱা সন্দেহ প্ৰকাশ কৰিছে ৷সাংবাদিকক উদ্দেশ্যি উক্ত মহিলাগৰাকীয়ে আৰক্ষীৰ উপস্থিতিত অশ্ৰাৱ্য গালি-গালাজ কৰে আৰু বাতৰি পৰিৱেশন নকৰিবলৈ ভাবুকি প্ৰদান কৰে৷পিছত আৰক্ষীয়ে উক্ত মহিলাগৰাকীৰ বিৰুদ্ধে বিহুবৰ থানা গোচৰ নং ২৯/২০২১ NDPS আইনৰ ২২ (এ),২৫ আৰু ২৭(এ) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি নাজিৰা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই আৰু আদালতে ১৪ দিনৰ বাবে জেল হাজোতলৈ প্ৰেৰণ কৰে আৰু যিহেতু গোচৰটো জিলা সত্ৰ ন্যায়ধীশ আদালতৰ বিচাৰধীন সেইহেতুকে গোচৰটো নাজিৰা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতৰ পৰা হস্তান্তৰ হৈছে৷

