নাজিৰাত ৰাজ্যৰ কৃষি,পশুপালন,সমবায় আৰু সীমান্ত উন্নয়ন দপ্তৰৰ কেবিনেট মন্ত্ৰী অতুল বৰা উপস্থিত হৈ নাজিৰাৰ চানবছাস্থিত গাহৰি মাংস সংশোধন আৰু পেকেজিং প্ৰকল্পৰ যি কাম অগ্ৰগতিত আছে তাত পৰিদৰ্শন কৰে,উপস্থিত থাকে জিলা উপায়ুক্ত বিষ্ণুকমল বৰা, নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপ,কাৰ্যবাহী দণ্ডাধীশ ৰাজীৱ সোণোৱাল, সুজতা গগৈ,নাজিৰা ৰাজহ চক্ৰ বিষয়া শান্তনু গগৈ, জনসংযোগ বিষয়া বৰ্ণালী দত্ত ,বিভাগীয় বিষয়া আৰু চিকিৎসকসকল৷তাৰ পাছত অগপ নাজিৰা বিধান পৰিষদ,শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিষয়ববীয়া আৰু কৰ্মীসকলৰ লগত মত বিনিময় কৰে নাজিৰা নগৰস্থিত এম চি ক্লাৱত উপস্থিত থাকে কেন্দ্ৰীয় সম্পাদকদ্বয় দিগন্ত কোৱঁৰ, তুলসী গগৈ,অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি জিতু বৰগোহাঁই, সুনীল ৰাজকোঁৱৰ,জিলা সভাপতি ঘন গগৈ, নাজিৰা বিধান পৰিষদ উপদেষ্টা গণেশ বৰুৱা,সভাপতি মৃদুল মহন্ত,সম্পাদকদ্বয় দিলীপ কটকী আৰু প্ৰাঞ্জল বৰঠাকুৰ,জিলা অন্যতম সম্পাদক শান্তনু বৰগোঁহাই ,শিৱসাগৰ বিধান পৰিষদৰ সম্পাদক প্ৰবীণ কোৱঁৰ আইনকোষৰ আহ্বায়ক পৰাগ বুঢ়াগোহাঁই আৰু পংকজ মহন্ত ,মহিলা পৰিষদৰ কেন্দ্ৰীয় নেতৃ কুঞ্জ গগৈকে ধৰি বহু বিষয়ববীয়া আৰু কৰ্মী৷দিনৰ প্ৰায় ১১.৪৫ বজাত নাজিৰা মহকুমাৰ কৃষিকৰ্মৰ প্ৰাণকেন্দ্ৰ স্বৰূপ মেছাগড়ত শালিধানৰ কঠীয়া সিচাঁ কাৰ্যসূচীত অংশগ্ৰহণ কৰে তেওঁক সংগ দিয়ে ৰাজহ তথা খনি মন্ত্ৰী যোগেন মহন আৰু সাংসদ তপন কুমাৰ গগৈয়ে৷জয়সাগৰ কৃষি বিভাগৰ তত্ত্বাৱধানত আৰু বীৰঙ্গনা মুলাগাভৰু কৃষিপাম সমবায় সমিতি লিমিটেডে আয়োজন কৰে উক্ত কাৰ্যসূচী ৷পৰৱৰ্তী কাৰ্যসূচী হিচাবে মন্ত্ৰীজনে শিৱসাগৰ জিলাৰ কৃষি,পশুপালন,সীমান্ত সুৰক্ষা তথা অসম চুক্তি ৰুপায়ন আৰু সমবায় বিভাগৰ উচ্চ পদস্থ বিষয়া বৰ্গৰ সৈতে দিনৰ ২ বজাত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত জিলাৰ আৱৰ্ত ভৱনত এক সভাত মিলিত হয় আৰু সকলো বিষয়াগণকে নিকা ভাৱমূৰ্তি আৰু সৌহাৰ্দ্যপূৰ্ণ প্ৰচেষ্টাৰে নিজ নিজ বিভাগৰ দায়িত্ব কৰি যাবলৈ নিৰ্দেশ দিয়ে ৷
নাজিৰাত কৃষি,পশুপালন মন্ত্ৰী অতুল বৰা,পৰিদৰ্শন কৰিলে চৰকাৰী প্ৰকল্প ৷ মেছাগড়ত সিঁচিলে শালিধানৰ কঠীয়া৷
