নাজিৰা মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভা কক্ষত নৱ নিযুক্ত মহকুমাধিপতি সব্যসাচী কাশ্যপে বৰ্তমান বজাৰত সামগ্ৰীৰ আকাশলংঘী মূল্যৰ উৎসৰ সন্ধান কৰাৰ লগতে অসাধু ব্যৱসায়ীক চৰজমিন তদন্তৰ যোগেদি বিহিত ব্যৱস্থা লৈ জনসাধাৰণক সকাহ দিয়াত গুৰুত্ব আৰোপ কৰিবলৈ স্থানীয় খাদ্য আৰু অসামৰিক যোগান বিভাগক কঠোৰ নিৰ্দেশ দিয়ে লগতে খাদ্য সুৰক্ষা যোজনাৰ অধীনত প্ৰকৃত হিতাধিকাৰীসকলে চাউল তথা অত্যাৱশ্যকীয় সামগ্ৰীসমূহ যাতে লাভ কৰে তাৰ বিষয়েও চৰজমিন তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে৷ আৰু মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগ তথা গ্ৰাহক পৰিক্ৰমা বিভাগৰ সহকাৰী সঞ্চালক নিৰঞ্জন বৰাক এই বিষয়ে শীঘ্ৰে বিহিত ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে লগতে সকলো সুলভ মূল্য দোকান আৰু গেলামালৰ দোকানত বৰ্ডত সামগ্ৰীৰ মূল্য যাতে গ্ৰাহকৰ জ্ঞাতাৰ্থে লিখি ৰখাৰ ব্যৱস্থা কৰিবলৈ দোকানীসকলক ৰাখিবলৈ নিৰ্দেশ দিছে৷প্ৰতিবেদক,পংকজ মহন্ত,9
* নাজিৰা মহকুমাধিপতিৰ কঠোৰ নিৰ্দেশ খাদ্য-অসামৰিক বিভাগক,চৰজমিন তদন্তৰে মূল্যবৃদ্ধি প্ৰতিৰোধ সম্ভৱ৷
