সোণাৰিত অধিবক্তাসহ কংগ্ৰেছ নেতাক আটক ৷নিষিদ্ধ সংগঠনৰে যোগাযোগৰ সন্দেহ৷

PR NEWS ASSAM :সোণাৰিত বিদ্ৰোহী সংগঠনৰ লগত যোগাযোগ ৰক্ষাৰ অভিযোগত অধিবক্তা,কংগ্ৰেছ নেতাসহ সাতজন লোকক আটক জিলা আৰক্ষীৰ।আৰক্ষীয়ে চৰাইদেউ জিলাৰ প্ৰতিষ্ঠিত অধিবক্তা মৃদুল দিহিঙীয়া, চৰাইদেউ জিলা কংগ্ৰেছৰ সম্পাদক বিদুৎ শইকীয়া, লংপতীয়া মণ্ডল কংগ্ৰেছৰ সম্পাদক ৰাতুল গগৈ,লংপতীয়া বুথ সম্পাদক প্ৰফুল্ল বৰুৱা,বাঁহবাৰী পথাৰৰ সঞ্জীৱ চেতিয়া,টিয়কহাবীৰ ৰত্ন মাছাৰী আৰু দুলাল বসুমতাৰীক আটক কৰি সোণাৰি আৰক্ষী থানাত সোধাপোছা অব্যাহত ৰাখিছে। বিয়লি সোধাপোছাৰ অন্তত অধিবক্তা মৃদুল দিহিঙীয়া আৰু চৰাইদেউ জিলা জিলা কংগ্ৰেছৰ সম্পাদক বিদুৎ শইকীয়াৰ লগতে অন্যান্য সকলোকে মুকলি কৰি দিয়ে৷ ইফালে চৰাইদেউ উকীল সন্থাৰ বিষয়ববীয়াসকলে বিষয়টোৰ সন্দৰ্ভত চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ লগত আলোচনাত বহে আৰু পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ পোষকতা কৰে ৷উল্লেখ্য যে আৰক্ষীয়ে কিছু সন্দেহজনক ফোন ক’লৰ ভিত্তিত উক্ত অভিযান চলাইছিল বুলি প্ৰকাশ কৰিছে৷