★টিহুত দুদিনীয়াকৈ শিল্পী দিৱস উদযাপন★

টিহু গান্ধী ভৱনত ৰাগেশ্ৰী সংগীত একাডেমী উদ্যােগত আৰু স্বৰগম সংগীত বিদ্যালয়ৰ সহযোগত অসম চৰকাৰ সাংস্কৃতিক সঞ্চালকালয়ৰ পৃষ্ঠপোষকতাত ‘শিল্পী দিৱস’ দুদিনীয়া কাৰ্যসূচীৰে উদ্ যাপন কৰা হয় । কালি হয় যোৱা সাংস্কৃতিক অনুষ্ঠানত ১৭ জানুৱীৰ ৰবিবাৰে হয় যোৱা জ্যোতি সংগীত প্ৰতিযোগীতাৰ বটাঁ প্ৰদান কৰা হয় । বিশিষ্ট সংগীত শিক্ষক পৱন ৰয়ৰ সভাপতিত্ব ‘ বটাঁ’ বিতৰনী সভাত ভৱানীপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মকুন্দ শৰ্মা , অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য নিতু শৰ্মা, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা,ৰাগেশ্ৰী সংগীত একাডেমীৰ অধ্যক্ষা ভূপালী দেৱী,স্বৰগম সংগীত বিদ্যায়ৰ অধ্যক্ষ তথা বিশিষ্ট বাঁহীবাদক হৰেকৃষ্ণ তালুকদাৰ,টিহু মহকুমা সাংবাদিক সন্থাৰ সহ: সম্পাদক লিখন ঠাকুৰীয়া আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সাংস্কৃতিক উন্নয়ন বিষয়া গোৱিন্দ বৈশ্য উপস্থিত থকাৰ লগতে সাংস্কৃতিক সঞ্চালকালয়ৰ সাংস্কৃতিক উন্নয়ন বিষয়া গৰাকীয়ে গীতৰ শৰাই আগবঢ়ায়। সাংস্কৃতিক সন্ধিয়াত ৰাগেশ্ৰী সংগীত একাডেমী আৰু স্বৰগমসংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ উপৰিও টিহুৰ বিশিষ্ঠ শিল্পী সকলে জ্যােতি সংগীতৰ লগতে বিভিন্ন গীত পৰিবেশন কৰে । উক্ত সাংস্কৃতিক সন্ধিয়াৰ লগতে সমূহ কাৰ্যসূচীতে টিহুৰ বিভিন্ন দল সংগঠনৰ আৰু টিহুবাসী ৰাইজ উপস্থিত থাকে ।

PR NEWS ASSAM টিহু