PR NEWS ASSAM :- ঐক্যবদ্ধ ভাৰতৰ অন্যতম খনিকৰ লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তী উপলক্ষে সমগ্ৰ দেশৰ লগতে আজি শিৱসাগৰতো জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিৱস হিচাবে উদযাপন কৰা হয় । এই উপলক্ষে শিৱসাগৰ জিলাৰ ৬টা ঐতিহাসিক স্থান ক্ৰমে শিৱসাগৰ বৰপুখুৰী পাৰ, ৰংঘৰ আৰু তলাতল ঘৰ, জয়সাগৰ পুখুৰী পাৰ, গৌৰীসাগৰ পুখুৰী পাৰ, গড়গাওঁ কাৰেংঘৰ আৰু চৰাইদেউ মৈদামত পুৱা ৭ বজাত ৰাষ্ট্ৰীয় একতা দিৱস আৰু সংহতিৰ দৌৰ অনুষ্ঠিত কৰা হয় । ৰংঘৰ বাকৰিত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় একতা দিৱসত উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱৰ অংশগ্ৰহণত সমবেত ৰাইজে ৰাষ্ট্ৰীয় একতা, অখণ্ডতা আৰু সুৰক্ষাৰ শপত লয় । ইয়াৰ পিছতেই বিশিষ্ট অতিথি হিচাবে আমন্ত্ৰিত অৰ্জুন ভোগেশ্বৰ বৰুৱাই পতাকা জোকাৰি সংহতি দৌৰ শুভাৰম্ভ কৰে আৰু তলাতল ঘৰত এই দৌৰৰ সামৰণি হয় ।এই সংহতি দৌৰত প্ৰায় ৫০০ লোকে অংশগ্ৰহণ কৰে । সেইদৰে প্ৰায় ২০০ অংশগ্ৰহণকাৰীৰে অনুষ্ঠিত হোৱা শিৱসাগৰ বৰপুখুৰী পাৰৰ সংহতি দৌৰৰ শুভাৰম্ভ কৰে শিৱসাগৰ মহিলা আয়োগৰ সভানেত্ৰী বিনীতা শইকীয়াই ।জয়সাগৰ পুখুৰী পাৰত অনুষ্ঠিত সংহতি দৌৰত প্ৰায় ৫০০ লোকে অংশগ্ৰহণ কৰে আৰু এই দৌৰৰ শুভাৰম্ভ কৰে শিৱসাগৰ জিলা উন্নয়ন আয়ুক্ত শোভন গোৱলাই । গৌৰীসাগৰ পুখুৰী পাৰত অনুষ্ঠিত কৰা সংহতি দৌৰৰ শুভাৰম্ভ কৰে অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগে । এই সংহতি দৌৰত প্ৰায় ১০০০ লোকে অংশগ্ৰহণ কৰে । প্ৰায় ২৫০ জন ব্যক্তিৰ অংশগ্ৰহণেৰে গড়গাওঁ কাৰেংঘৰত অনুষ্ঠিত সংহতি দৌৰৰ শুভাৰম্ভ কৰে অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপে আৰু চৰাইদেউ ময়দামত অনুষ্ঠিত সংহতি দৌৰৰ শুভাৰম্ভ কৰে নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষি জৈনে । এই সংহতি দৌৰত প্ৰায় ৪০০ লোকে অংশগ্ৰহণ কৰে । শিৱসাগৰ জিলা আৰক্ষী বিভাগ আৰু বিভিন্ন বেটেলিয়ানৰ প্ৰায় ৩৫০ জন আৰক্ষী লোকে আজি আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাৰ নেতৃত্বত সংহতি দৌৰত অংশগ্ৰহণ কৰে । শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা জনোৱা তথ্য অনুসৰি সমগ্ৰ জিলাখনৰে ১৫০ খনৰো অধিক বিদ্যালয়-মহাবিদ্যালয়ৰ প্ৰায় ১২০০০ ছাত্ৰ-ছাত্ৰীয়ে আজিৰ সংহতি দৌৰত অংশগ্ৰহণ কৰে ।
ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে শিৱসাগৰৰ ৬টা ঐতিসাহিক স্থানত সংহতিৰ দৌৰ
