- অসমৰ গোৰ্খা সম্প্ৰদায়ৰ ডি ভোটাৰৰ নামত কোনো গোচৰ নলয়।
- ৰমেন ডেকাক উপাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে ষ্টেট ইন’গিউৰেচন এণ্ড ট্রেন্সফৰ্মেশ্যন আয়োগৰ ৷
- ভূমি আৱণ্টন পোৱা লোকে ১৫ বছৰৰ পিছতহে ভূমি আদি বিক্রী সিদ্ধান্ত ল’ব পাৰিব।
- ব্যক্তিগৰাকীয়ে মাটি লাভ কৰাৰ দিনাই ম্যাদি পট্টা লাভ কৰাৰ ব্যৱস্থা কৰা হৈছে৷
- ফ্লেট ক্রয়-বিক্রয়ৰ বাবে চৰকাৰৰ অনুমতি ল’ব নালাগে।
- এতিয়াৰ পৰা ট্রেড লাইচেঞ্চৰ বাবে পৌৰসভাত যোৱাৰ প্ৰয়োজন নহ’ব অনলাইনত সমগ্র কাম কৰিব পাৰিব।
- ১ লাখ নিযুক্তিৰ বাবে শিক্ষা বিভাগত ২২,৯২১ টা পদত নিযুক্তিৰ অনুমোদন জনাইছে৷
- ১০ হাজাৰ প্রাথমিক শিক্ষা ক্ষেত্ৰত নিযুক্তিৰ অনুমোদন।
- বাকী পদসমূহত ছেকেণ্ডাৰী শিক্ষা বিভাগত দিয়া হ’ব নিযুক্তি।
- অনুসূচীত জাতি, পাৰ্বত্য জনজাতিৰ বাবে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰা হ’ব৷
ৰাজ্যৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ সংবাদমেলত সদৰি মন্ত্ৰী পিযুষৰ৷
