ৰাজ্যৰ কেবিনেটৰ কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত সদৰি কৰে মন্ত্ৰী পিযুষ হাজৰিকাই৷

ৰাজ্যৰ জনতা ভৱনত কেবিনেট মন্ত্ৰী পিয়ুষ হাজৰিকাৰ সংবাদমেল সম্বোধন কৰি ৮ জুলাইত লোৱা কেবিনেটৰ সিদ্ধান্তসমূহ সদৰি কৰে৷
* নিবনুৱা যুৱক যুৱতী সকলৰ সুবিধাৰ্থে নিয়োগ বিনিময় কেন্দ্ৰ(Employment Exchange)ত অনলাইন ঘৰত বহিয়ে পঞ্জীয়ন কৰিব পৰা ব্যৱস্থা প্ৰদানৰ সিদ্ধান্ত।

* অসমত স্থাপন কৰা হ’ব শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়।।

*গাঁওপ্ৰধান সকলৰ বয়স নূন্যতম ৩০ বছৰ আৰু সৰ্বোচ্চ ৬৫ বছৰ হব পাৰিব।গাঁওবুঢ়াসকলক গাঁওপ্ৰধান হিচাপে নামাকৰণৰ সিদ্ধান্ত কেবিনেটৰ

*প্ৰাকৃতিক দুৰ্যোগৰ ফলত একচনীয়া অথবা চৰকাৰী অবন্টন যোগ্য ভূমিত বসবাস কৰা খিলঞ্জীয়া লোক সকলক ঘৰ তথা আন চৰকাৰী সুবিধা লাভ কৰিব। অৱশ্যে বেদখলকাৰী তথা বনাঞ্চলৰ মাটিত বাস কৰা লোকে এই সুবিধাৰ পৰা বঞ্চিত হ’ব।

*দৰং জিলাৰ ছিপাঝাৰত মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতে বিধায়ক পদ্ম হাজৰিকা দেৱৰ নেতৃত্বত কৃষি কাৰ্য্য কৰিবলৈ লোৱা ৭৭ হাজাৰ বিঘা ভূমিৰ সমীপত অৱস্থিত ধলপুৰ শিৱ মন্দিৰক পৰ্যটন স্থলীলৈ পৰ্যবেক্ষিত কৰি সংৰক্ষণ কৰাৰ বাবে মন্দিৰ কৰ্তৃপক্ষক ১৮০ বিঘা ভূমি প্ৰদানৰ সিদ্ধান্ত লোৱা হয় কেবিনেটত।

পেন্সন আৰু ৰাজহুৱা অভিযোগ বিভাগক আৰু প্ৰশাসনিক সংস্কাৰ আৰু প্ৰশিক্ষণ বিভাগক সংযোজন কৰাৰ সিদ্ধান্ত গ্ৰহণ৷

*গো সুৰক্ষাৰ সন্দৰ্ভত অতিশীঘ্ৰে কঠোৰ আইন প্ৰণয়নৰ সিদ্ধান্ত কেবিনেটৰ৷

* জলসিঞ্চন বিভাগৰ চিভিল,ইলেক্ট্রিকেল আৰু সংযোজন আৰু এই ব্যৱস্থাৰ দ্বাৰা ৰাজ্যৰ কৃষক সকলক উপকৃত হ’ব৷