ৰাজ্যসভাৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ দৌৰত যুৱ অধিবক্তা পংকজ মহন্ত৷অগপ নেতৃত্বলৈ আবেদন প্ৰেৰণ ৷

PR NEWSASSAM :নাজিৰাৰ পৰা পোণ প্ৰথমবাৰৰ বাবে এজন যুৱ অধিবক্তা তথা সমাজকৰ্মী তথা বিশিষ্ট সাংবাদিক পংকজ মহন্তই আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ সভাপতি অতুল বৰালৈ আগন্তুক ৰাজ্যসভা আসন এখনৰ বাবে প্ৰাৰ্থীত্ব বিচাৰি আবেদন পত্ৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে৷ দীৰ্ঘদিন ধৰি অসম গণ পৰিষদৰ নাজিৰা আইনী উপদেষ্টা হিচাবে সেৱা আগবঢ়োৱা আৰু বিগত সময়ত নাজিৰা আপোচবিহীনভাৱে নিৰবিচ্চিন্নভাৱে সামাজিক সমস্যাসমূহৰ বিষয়ে সততে এক সবল ভুমিকা লৈ আহিছে৷উল্লেখ্য যে ২০০৯ বৰ্ষতেই গুৱাহাটী বিশ্ব বিদ্যালয়ৰ পৰা গণসংযোগ আৰু সাংবাদিকতাত স্নাতকোত্তৰ ডিপ্লমা সুখ্যাতিৰে সমাপ্ত কৰাৰ লগতে ২০১২ বৰ্ষত আইন বিষয়ৰ স্নাতক সম্পন্ন কৰি শিৱসাগৰ,চৰাইদেউ ,যোৰহাট,ডিব্ৰুগড়,গুৱাহাটী আদিৰ আদালতত উকালতি কৰাৰ উপৰিও জনসাধাৰণক বিনামূলীয়া আইন সেৱা আৰু আইন সজাগতা সভা , ক’ভিডৰ সময়ত আইন সজাগতা সেৱা,বিভিন্ন সামগ্ৰী বিনামূলীয়া বিতৰণ কৰাত গুৰুত্বপূৰ্ণ উদ্যোগ লৈছিল৷নাজিৰাৰ বিভিন্ন সামাজিক অনুষ্ঠান -প্ৰতিষ্ঠানৰ লগত জড়িত তথা পূৰ্বতে বাউলীমৈদাম হাইস্কুলৰ বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি আৰু বৰ্তমানৰ ওপৰ নাজিৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি,সুদীৰ্ঘ ৯ বছৰ শিৱসাগৰ জিলা আইন প্ৰাধিকাৰীৰ নাজিৰা আদালতৰ অন্যতম মনোনীত অধিবক্তা হিচাবে সেৱা আগবঢ়াই আহিছে যুৱ অধিবক্তাজন৷দেশৰ অন্যতম বৃহৎ সাংবাদিক সংগঠন জাৰ্নেলিষ্ট ইউনিয়ন অৱ ইণ্ডিয়াৰ অসমৰ হৈ ২০১৬-২০১৭ ৰ ৰাজস্থানৰ কোটা চহৰত অনুষ্ঠিত হোৱা কনফাৰেন্সত ৰাজ্যৰ হৈ অন্যতম সাংবাদিক হিচাবে প্ৰতিনিধিত্ব কৰিছিল ৷২০২২ বৰ্ষৰ আন্তৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱসত গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত দুৰ্নীতি বিৰোধী বটা লাভ কৰিছিল যুৱ অধিবক্তাজনে