বিত্তমন্ত্ৰী অজন্তা নেওগে ২০২১-২২ বিত্তীয় বৰ্ষৰ বিত্ত বাজেট বিধানসভাৰ মজিয়াত অসমবাসীক বিত্তমন্ত্ৰীগৰাকীয়ে উপহাৰ ৰূপে দিয়া এই অভিলাষী বাজেটৰ বাবে মন্ত্ৰীসভাৰ তৰফৰ পৰা তেওঁলৈ শুভেচ্ছা জনোৱা হৈছে বুলিও উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়— নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰ্ণাংগ ৰূপত পূৰণ কৰাৰ ৰূপৰেখা বাজেটখনত দাঙি ধৰা হৈছে। মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ পৰা আৰম্ভ কৰি ১ লাখ নিবনুৱা যুৱক-যুৱতীক কৰ্মসংস্থাপনকে আদি কৰি নিৰ্বাচনৰ প্ৰতিশ্ৰুতি পালনৰ ৰূপৰেখা বাজেটখনত অন্তৰ্ভুক্ত কৰা হৈছে। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা প্ৰতিটো সমষ্টিত আৰু ৫ হাজাৰলৈ বৃদ্ধি কৰা হ’ব আৰু এই আঁচনিৰ ধন ১ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ কথা বাজেটত উত্থাপন হৈছে। এই বাজেটৰ জৰিয়তে অসমত কৃষি বিপ্লৱৰ আৰম্ভণি ঘটা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কৃষি আয়োগৰ জৰিয়তে পাঁচ বছৰত কৃষি সামগ্ৰী, ধৰি আন সামগ্ৰীসমূহত স্বাৱলম্বী কৰি তোলা হ’ব। অসমৰ প্ৰতিখন ৰাজহ গাঁৱত ৰাজহুৱা পুখুৰী নিৰ্মাণৰ কথা উল্লেখ আছে বাজেটত। ৫খন মেডিকেল কলেজৰ লগতে ১ হাজাৰখন নতুন হাস্পতাল নিৰ্মাণ কৰিবলৈ লোৱা এক বৈপ্লৱিক চিন্তা কৰা হৈছে।অসমৰ প্ৰাথমিক বিদ্যালয়সমূহকে ধৰি অংগনৱাড়ী কেন্দ্ৰসমূহলৈ বিদ্যুৎ যোগানৰ কথাও বাজেটত উল্লেখ আছে। ৰাজ্যৰ স্বাস্থ্য খণ্ডলৈও অভূতপূৰ্ব বৰঙনি আগবঢ়াইছে এই বাজেটে। ৰাজ্যত ১ হাজাৰ নতুন হাস্পতাল নিৰ্মাণৰ প্ৰস্তাৱ আছে। এই বাজেটত ক’ভিড মহামাৰীৰ সময়ছোৱাত প্ৰভাৱিত হোৱা শিক্ষাৰ্থীসকলৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। বিত্তমন্ত্ৰীগৰাকীয়ে ১০ হাজাৰ টকাকৈ ব্যয় কৰি ৮ লাখ শিক্ষাৰ্থীক স্মাৰ্টফোন ইণ্টাৰনেটৰ সৈতে যোগানৰ প্ৰস্তাৱ ৰাখিছে। ইয়াৰ ফলত দৰিদ্ৰ শিক্ষাৰ্থীসকল আগুৱাই যাব পাৰিব। ৰাজহ আহৰণৰ ক্ষেত্ৰতো যুগান্তকাৰী ধাৰণাৰ কথা উল্লেখ আছে বাজেটত। এতিয়াৰে পৰা বিল্ডিং, ঘৰ নিৰ্মাণ, হাস্পতাল নিৰ্মাণ, ৰে’লপথ নিৰ্মাণকে ধৰি আন নিৰ্মাণ কাৰ্যৰ ক্ষেত্ৰত বন কৰ পোনপটীয়াকৈ বন বিভাগক যোগান ধৰিব পাৰিব। এই বাজেটত ৰাজ্যবাসীৰ ওপৰত কৰৰ বোজা জাপি দিয়া হোৱা নাই। এটকাও অতিৰিক্ত কৰ নোলোৱাকৈ বাজেট দাঙি ধৰা হৈছে। বাজেট ৰূপায়ণৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমবাসীৰ পৰা আশীৰ্বাদ বিচাৰিছে।
ৰাজ্যত নিৰ্মাণ হ’ব ৫খন মেডিকেল কলেজৰ লগতে ১০০০ খন হাস্পাতাল; ৮ লাখ শিক্ষাৰ্থীক যোগান ধৰা হ’ব স্মাৰ্টফোন
