*ৰং-তুলিকাৰে জীৱনৰ ছন্দ বিচাৰি পোৱা মাজুলীৰ সুস্মিতাৰ শিল্প কৰ্ম*

PR NEWS ASSAM মাজুলীঃ
ৰং তুলিকাৰ মাজত জীৱনৰ ছন্দ বিচাৰি পোৱা ছোৱালী গৰাকীৰ নাম সুস্মিতা বৰা।ঘৰ সাংস্কৃতিক বৰঘৰ মাজুলীৰ চামগুৰি সত্ৰত।শৈশৱৰ পৰা গীত আৰু নৃত্যৰ মোহত মোহছন্ন হৈ পৰা সুস্মিতাই খুব কম সময়ৰ ভিতৰতে বৰগীত, লোকগীত, জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, ভূপেন হাজৰিকাৰ গীত আয়ত্ত্ব কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছে। একেদৰে নৃত্যৰ ক্ষেত্ৰটো সুস্মিতাই সত্ৰীয়া, বিহু আদি কৰি কেইবাটাও নৃত্য শৈলী আয়ত্ব কৰি সুন্দৰ প্ৰদৰ্শন কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। কাকজান মহাবিদ্যালয় ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰা সুস্মিতাই  মোমায়েক দিগন্ত শইকীয়াৰ অনূপ্ৰেৰণাত চিত্ৰ কলাৰ প্ৰতি মনোনিবেশ কৰে। পিছলৈ মাজুলীৰ বিখ্যাত চিত্ৰ শিল্পী জাকিৰ আলিৰ ওচৰত শিল্পকলাৰ শিক্ষা গ্ৰহণ কৰি আজিৰ তাৰিখলৈকে বহুতো অৰ্থবহ আৰু মনোমোহা ছবি আঁকিবলৈ সক্ষম হৈছে। বৰ্তমান মাজুলীৰ ভোলাৰাম বৰদলৈ কৰা একাডেমীত শিক্ষকতা  কৰি থকা সুস্মিতাৰ হাতৰ পৰশত প্ৰাণ পাই উঠা প্ৰতিখন চিত্ৰত আছে এক সুকীয়া সন্মোহনী শক্তি।ফটোগ্ৰাফীৰ প্ৰতি চখ থকা সুস্মিতাৰ কেইবাখনো ফটো ইতিমধ্যে সমাদৃত হৈছে। আমি শিল্পী গৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।