PR NEWS ASSAM নাজিৰাঃ
৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন উপলক্ষে নাজিৰা মহকুমা প্ৰশাসনে এক চাফাই অভিযান কাৰ্য্যালয়ৰ বৰবৰুৱা পুখুৰী পাৰৰ চৌদিশে আৰু ৰাজমাওঁ পুখুৰী, ৰজাপুলত কাৰ্যকৰী কৰে। উক্ত অভিযানত মহকুমাধিপতি সব্যসাচী কাশ্যপৰ লগতে কাৰ্য্যবাহী দণ্ডাধীশ ৰাজীৱ সোণোৱাল, ৰুবী কুমাৰী ৰায়, প্ৰীতম গগৈ, তন্ময় চেতিয়া, তথ্য জনসংযোগ বিষয়া বৰ্ণালী দত্ত, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বলৰ জোৱান তথা অ’এন জি চিৰ কৰ্মকৰ্তা সকল, নাজিৰা পৌৰসভাৰ কৰ্মচাৰী সকল, আৰু অন্যান্য লোক উপস্থিত থাকে।উল্লেখযোগ্য যে, মহকুমাধিপতিয়ে চাফাই অভিযানৰ দ্বাৰা নাজিৰা মহকুমাৰ ৰাইজক নিজৰ মহকুমা তথা ঘৰ খন পৰিস্কাৰ পৰিচ্ছন্নতা আৰু চাফ- চিকুণতা অৱলম্বন কৰিবলৈ এক সু-বাৰ্তা আগবঢ়ায়।কাৰ্যসূচীৰ লগত সংগতি ৰাখি, নাজিৰা মহকুমাৰ তিনি গৰাকী মুক্তি যুঁজাৰু ক্ৰমে, বৰাখোৱা নিবাসী যদু বৰুৱা, হুদুপাৰা নিবাসী হলিৰাম দুৱৰা আৰু মাউৎ গাওঁ নিবাসী নোমল বৰগোহাঁইৰ গৃহত মহকুমাধিপতি সব্যসাচী কাশ্যপৰ লগতে মহকুমা তথ্য ও জনসংযোগ বিষয়া বৰ্ণালী দত্ত উপস্থিত হৈ তেখেতসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে একোখন ফুলাম গামোছা, চেলেং চাদৰ, ধুটি আৰু শৰাই প্ৰদান কৰি সম্বৰ্ধনা জ্ঞাপন কৰে। লগতে মহকুমাধিপতি গৰাকীয়ে হুদুপৰা অঞ্চলৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰদীপ গগৈৰ বাস গৃহত উপস্থিত হৈ ৰাজহুৱা বিতৰণ ব্যবস্থাৰ অধীনৰ ৰেচন কাৰ্ড প্ৰদান কৰে আৰু লগতে তেওঁ দৰিদ্ৰ পৰিয়ালতোক অৰুণোদয় আঁচনি, প্ৰধানমন্ত্ৰী আৱাস যোজনা আদিৰ দৰে চৰকাৰী আঁচনিত সামৰি লোৱাৰ আশ্বাস দিয়ে।

