*২ মে’ত বিধান সভা নিৰ্বাচনৰ বিশেষ নিষেধাজ্ঞা**বিজয় সমদল উলিওৱাত নিষেধাজ্ঞা নিৰ্বাচন আয়োগৰ*

*২ মে’ত বিধান সভা নিৰ্বাচনৰ বিশেষ নিষেধাজ্ঞা**বিজয় সমদল উলিওৱাত নিষেধাজ্ঞা নিৰ্বাচন আয়োগৰ*


ভাৰতৰ নিৰ্বাচন আয়োগে অহা ২ মে’ত অনুষ্ঠিতব্য ভোট গণনাৰ পাছত বিজয় সমদল উলিওৱাত নিষেধাজ্ঞা আৰোপ কৰিছে। দেশত শেহতীয়া কভিড-১৯ পৰিস্থিতি প্ৰতি লক্ষ্য ৰাখি আয়োগে সংশ্লিষ্ট ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নিৰ্বাচন বিষয়া সকললৈ প্ৰেৰণ কৰা এক পত্ৰৰ জৰিয়তে এই সিদ্ধান্ত জানিবলৈ দিয়ে। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত কোনো বিজয়ী প্ৰাৰ্থী বা ৰাজনৈতিক দলকে বিজয়ী সমদল উলিয়াবলৈ অনুমতি নিদিবলৈ মুখ্য নিৰ্বাচন বিষয়া সকলক আয়োগে নিৰ্দেশ দিছে। তদুপৰি, ফলাফল ঘোষণাৰ পিছত ৰিটাৰ্ণিং বিষয়াৰ পৰা বিজয়ৰ প্ৰমাণ পত্ৰ সংগ্ৰহৰ সময়তো বিজয়ী প্ৰাৰ্থী বা তেওঁৰ প্ৰতিনিধিয়ে নিজৰ লগত দুজনতকৈ অধিক ব্যক্তি নিব নোৱাৰিব বুলি ও নিৰ্বাচন আয়োগে পত্ৰ খনৰ জৰিয়তে নিৰ্দেশনা জাৰি কৰিছে। নাজিৰা মহকুমাৰ মহকুমাধিপতি লখিমী দত্তই এই নিৰ্দেশনা সংশ্লিষ্ট ব্যক্তি সকলক মানি চলিবলৈ আহ্বান জনাইছে।