সামাজিক ন্যায় আৰু সৱলীকৰণ মঞ্চৰ  সভাপতিৰ পদত নাজিৰাৰ অধিবক্তা মহেন্দ্ৰ ভূঞা৷

 PR NEWS ASSAM : সামাজিক ন্যায় আৰু সৱলীকৰণ মঞ্চৰ  গুৱাহাটী বেলতলাস্থিত সঞ্চালকৰ কাৰ্যালয়ত সন্মানীয় সঞ্চালক শ্ৰীযুত ভাস্কৰ জ্যোতি মানতা আৰু যুটীয়া সঞ্চালক শ্ৰীমতী মীৰা দাস বড়োৰ উপস্থিত মানসিক স্বাস্থ্যৰ ওপৰত কাম কৰি থকা অসমৰ বিভিন্ন জিলাৰ স্বেচ্ছাসেৱী সংগঠন সমূহৰ সৈতে এক গুৰুত্বপূৰ্ণ সভাত মিলিত হয়।  সভাত সঞ্চালকৰ সৈতে পোনপটীয়াকৈ বিষয়বোৰৰ ওপৰত আলোচনাৰ সুবিধাৰ বাবে সঞ্চালক শ্ৰীযুত ভাস্কৰ জ্যোতি মানতাৰ পৰামৰ্শ অনুসৰি হিউমেন ৱেলফেয়াৰৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত চৰকাৰী অধিবক্তা শ্ৰীযুত মহেন্দ্ৰ ভূঞাক সদৌ অসমৰ সভাপতি,নলবাৰী স্বেচ্ছাসেৱী সংগঠন ” আশ্ৰয়”ৰ সভানেত্ৰী শ্ৰীমতী ৰিংকু বৰুৱা মহন্তক কাৰ্যকৰী সভানেত্রী,গোলাঘাট নিৰ্মান মহিলা গোটৰ সম্পাদিকা শ্ৰীমতী খিৰেশ্বৰী শইকীয়া দেৱীক সম্পাদক,  সাংগঠনিক,যোগাযোগ আৰু মুখপাত্ৰ সম্পাদক হিচাবে হিউমেন ৱেলফেয়াৰ  সঞ্চালক নাছেৰ খানক দায়িত্ব দি এখন পূৰ্ণাংগ সমিতি গঠন কৰা হয়। ইয়াৰ পৰৱৰ্তী সময়ত সামাজিক ন্যায় আৰু সৱলীকৰণৰ সঞ্চালক শ্ৰীযুত ভাস্কৰ জ্যোতি মানতা প্ৰয়োজন সাপেক্ষে সমিতিৰ বিষয়ববীয়াৰ সৈতে আলোচনা কৰি কাম সমূহ কৰি যোৱাৰ এক সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰা হয়৷