নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সভা কক্ষত নৱ নিযুক্ত মহকুমাধিপতি সব্যসাচী কাশ্যপে নাজিৰাৰ সাংবাদিক সকলৰ লগত এখন মত বিনিময় সভাত মিলিত হয় । সভাৰ আৰম্ভণিতে নৱ নিযুক্ত মহকুমাধিপতিক তথ্য ও জনসংযোগ বিষয়া বৰ্ণালী দত্তই সম্বৰ্ধনা জনোৱাৰ লগতে নাজিৰাৰ সাংবাদিক সকলেও তেখেতক উষ্ম আদৰণি জনায়। উক্ত অনুষ্ঠানত সাংবাদিক সকলৰ লগত চিনা পৰিচয় হোৱাৰ পিছতে, সাংবাদিক সকলে নাজিৰা মহকুমাৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত মহকুমাধিপতি গৰাকীক অৱগত কৰে।মহকুমাধিপতি গৰাকীয়ে কয় যে:”নাজিৰা ৰাইজৰ গঠন মূলক কাম কাজত মই নিজকে নিয়োগ কৰিম। উন্নতিৰ কোনো সীমা নাথাকে ঠিক তেনেদৰে সমস্যাৰ ও কোনো সীমা নাথাকে। গতিকে আমি সকলোৱেই একত্ৰিত হৈ সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰিব লাগিব। লগতে উন্নয়নৰ পৰিক্ৰমা আমি চলাই থাকিব লাগিব।” অনুষ্ঠানৰ শেষত মহকুমাধিপতি সব্যসাচী কাশ্যপে সাংবাদিক সকলৰ বিভিন্ন অভাৱ অভিযোগ সমূহৰ বুজ লোৱাৰ লগতে অঞ্চলটোৰ সমস্যা সমূহ সমাধান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মত প্ৰকাশ কৰে।উক্ত সভাত উপস্থিত থাকে নাজিৰা নিৰ্বাচনী বিষয়া সুজাতা গগৈ, নাজিৰা প্ৰেছ ক্লাবৰ সংবাদকৰ্মী, নাজিৰা জিলা সাংবাদিক সন্থাৰ সংবাদকৰ্মী, শিমলুগুৰি প্ৰেছ গীল্ডৰ সংবাদকৰ্মী, মুক্ত সাংবাদিক সন্থাৰ সংবাদকৰ্মীৰ লগতে নাজিৰাৰ বিভিন্ন ৱেব পৰ্তেল সমূহৰ সংবাদকৰ্মী সকল।সাংবাদিকৰ সৈতে মত বিনিময় অনুষ্ঠান সমাপ্ত কৰিয়ে তেখেতে নগৰ পৰ্য্যায়ৰ গৃহ পৃথকীকৰণ কমিটিৰ সদস্য সকলৰ লগত আলোচনাত মিলিত হয়। তেখেতে এই আলোচনাত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে লবলগীয়া পদক্ষেপ সমূহৰ বুজ লয়। কমিটিৰ সদস্য সকলক উদ্দেশ্যি তেওঁ কয় যে: “গৃহ অৱৰুদ্ধকৰণত থকা ক’ভিড ৰোগী সকলে কোনো কাৰণতেই ঘৰৰ পৰা বাহিৰ ওলাব নোৱাৰে। যদি কোনো ৰোগী বাহিৰত ওলাই নিয়ম ভংগ কৰে তেন্তে তৎক্ষণাৎ স্থানীয় ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নাইবা আশা কৰ্মীক কমিটিৰ সদস্য সকলে অৱগত কৰিব লাগিব। উক্ত সভাত উপস্থিত থাকে নাজিৰা নিৰ্বাচনী বিষয়া সুজাতা গগৈ, সহকাৰী আয়ুক্ত ৰাজীৱ সোণোৱাল, প্ৰীতম গগৈ, ৰুবি কুমাৰী ৰায়, তন্ময় চেতিয়া আৰু তথ্য ও জনসংযোগ বিষয়া বৰ্ণালী দত্ত।
সাংবাদিকৰ সৈতে মত বিনিময় অনুষ্ঠানত মিলিত নাজিৰা মহকুমাধিপতিৰ ক’ভিড প্ৰতিৰোধত ব্যাপক সজাগতা৷
