নিউজ ডেস্ক PR NEWS ASSAM :
গুৱাহাটী লোকসভাৰ নাম প্ৰাগজ্যোতিষপুৰ কৰাৰ প্ৰস্তাৱ দিছে ৰাজ্য চৰকাৰৰ কেবিনেটে ৷ ঐতিহাসিক স্মৃতি বিজড়িত থকা এই নামেৰে যাতে গুৱাহাটী লোকসভা সমষ্টিয়ে ঐতিহ্য বহন কৰিব পাৰে তাৰ প্ৰতি দৃষ্টি ৰাখি ৰাজ্যিক কেবিনেটে এই প্ৰস্তাৱ হাতত লৈছে৷ উক্ত সমষ্টিত গোৱালপাৰা পশ্চিম, দুধনৈ, চমৰীয়া, বকো, পলাশবাৰী, দিছপুৰ, নিউ গুৱাহাটী, গুৱাহাটী চেণ্ট্ৰেল,ডিমৰীয়া আৰু জালুকবাৰী ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাত মঙলদৈ লোকসভা সমষ্টিক দৰং কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে ৷ ৰাজ্য চৰকাৰৰ কেবিনেটে এতিয়া দৰঙক ভৈৰৱকুণ্ড সমষ্টি কৰিবলৈ প্ৰস্তাৱ দিছে ৷ ভৈৰৱকুণ্ড গঠন হৈছে তামুলপুৰ, গোৰেশ্বৰ, ওদালগুৰি, মাজবাট, টংলা, ছিপাঝাৰ, মঙলদৈ আৰু দলগাঁও ৷ ভৈৰৱকুণ্ড হৈছে ভূটানৰ জাম্পানী নদী, ভৈৰৱী নদী আৰু ধনশিৰি নদীৰ মিলন তথা সংগ্ৰম৷ পৰ্যটনস্থলী ভৈৰৱকুণ্ড হিচাবে পৰিচিত৷এনে পদক্ষেপে ৰাজ্যৰ ঐতিহাসিক ঐতিহ্য জনসাধাৰণৰ মাজত সদায়েই বিশেষ ভাৱে শৌৰ্য্যবীৰ্য্যৰ পৰিৱেশ বিৰাজমান হৈ ৰ’ব৷

