নাজিৰা টাউন স্পৰ্চ ক্লাৱ আৰু কেন্দ্ৰীয় ক্লাৱৰ উদ্যোগত নাজিৰা জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত পোণ প্ৰথমবাৰৰ বাবে সদৌ অসম ভিত্তিত স্বৰ্গদেউ চাওলুং চ্যুকাফা চলন্ত ট্ৰফী আৰু প্ৰাইমণি ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । অহা ইং ২৪ ফেব্ৰুৱাৰীৰ পৰা বালিঘাটস্থিত গড়গাঁও কলেজ খেলপথাৰত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ সৰ্বমুঠ প্ৰাইজমণিৰ পৰিমাণ এক লাখ টকা বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে।যোগদানৰ ইচ্ছুক দলসমূহক ভ্ৰাম্যভাষ ৯৪০১৩৬১৯৬৮ অথবা ৭০০২১৭১৫১৫ নম্বৰত যোগাযোগৰ বাবে সভাপতি ৰঞ্জিত বৰ্মন আৰু সম্পাদক অমৰ গগৈয়ে অনুৰোধ জনাইছে৷
সদৌ অসম ভিত্তিত স্বৰ্গদেউ চাওলুং চ্যুকাফা ক্ৰিকেট প্ৰতিযোগিতা৷
