সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্বাচিত সাধাৰণ সম্পাদক শিৱসাগৰৰ সমীৰণ ফুকন ৷


PR NEWS ASSAM : সমীৰণ ফুকন ,জন্ম: ১৯ চেপ্তেম্বৰ,১৯৮৯ শিৱসাগৰত৷বৰ্তমান শিৱসাগৰ চহৰৰ সমীপৱৰ্তী জয়সাগৰৰ জয়ানগৰ নিবাসী৷পিতৃঃ তাৰাপ্ৰসন্ন ফুকন, অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়, চাৰিং আৰু মাতৃ অঞ্জলী বৰুৱা ফুকন, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী৷ সমীৰণ ছাত্ৰাৱস্থাৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত৷ অষ্টম শ্ৰেণীত অধ্যয়নৰত সময়ত ২০০২-০৩ বৰ্ষৰ বাবে অসমৰ দ্বিতীয় পুৰণি শিক্ষানুষ্ঠান শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ আলোচনী সম্পাদকৰূপে নিৰ্বাচিত হৈ প্ৰত্যক্ষ ছাত্ৰ ৰাজনীতিত প্ৰৱেশ কৰা সমীৰণ ২০০৩-০৪ বৰ্ষতো একেটা পদত দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হয়৷ ২০০৫ বৰ্ষত সদৌ অসম ছাত্ৰ সন্থাৰ লগত পোনপটীয়াকৈ জড়িত হৈ জয়সাগৰত এটা প্ৰাথমিক গোট গঠন কৰি তাৰ সাধাৰণ সম্পাদকৰূপে আছুৰ মজিয়াত যাত্ৰা আৰম্ভ কৰে৷ একাদশ শ্ৰেণীত অধ্যয়নৰত সময়ত ২০০৫-০৬ বৰ্ষত একেখন শিক্ষানুষ্ঠানৰ সাধাৰণ সম্পাদকৰূপে নিৰ্বাচিত হয়৷ কলেজীয়া দিনতো সক্ৰিয় ছাত্ৰ ৰাজনীতিত জড়িত হৈ শিৱসাগৰ কলেজ ছাত্ৰ একতা সভাৰ ২০০৭-০৮ আৰু ২০০৮-০৯ বৰ্ষৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হোৱাৰ উপৰি ২০০৯-১০ বৰ্ষত উপ-সভাপতিৰূপে নিৰ্বাচিত হৈ একতা সভাৰ নিৰ্বাচনত একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হোৱাৰ অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল৷ কলেজীয়া ছাত্ৰ হৈ থকা সময়তে ২০১০ বৰ্ষত শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হৈ ২০১৪ বৰ্ষলৈকে দায়িত্বত থাকি ২০১৪ বৰ্ষৰ শেষৰ ভাগৰ পৰা ২০১৬ বৰ্ষৰ জানুৱাৰীলৈ সভাপতিৰ দায়িত্বত আছিল৷ ২০১৬ বৰ্ষৰ জানুৱাৰীত বৰ্তমানৰ চৰাইদেউ জিলা সহিতে থকা সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰূপে দায়িত্ব লৈ তাৰ পৰৱৰ্তী পৰ্যায়ত ২০২০ চনৰ অক্টোবৰ মাহত পুনৰ দ্বিতীয়টি কাৰ্যকালৰ বাবে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হয়৷ ২০২০ চনৰ নৱেম্বৰত সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলীয়াজান অধিৱেশনত শিৱসাগৰ জিলাক প্ৰতিনিধিত্ব কৰি আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰূপে নিৰ্বাচিত হয়৷ ২০২২ বৰ্ষৰ চেপ্তেম্বৰ মাহত আছুৰ সহকাৰী সাধাৰণ সম্পাদকৰূপে নিৰ্বাচিত হৈ ২০২৩ বৰ্ষৰ নৱেম্বৰত অনুষ্ঠিত অষ্টাদশ মৰিগাঁও অধিৱেশনলৈকে উক্ত পদবীত কাৰ্যনিৰ্বাহ কৰে৷ ২০২৩ বৰ্ষৰ নৱেম্বৰৰ পৰা ২০২৪ বৰ্ষৰ ডিচেম্বৰ পৰ্যন্ত আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰূপে থাকি পুনৰ সহকাৰী সাধাৰণ সম্পাদক নিৰ্বাচিত হয়৷ শিৱসাগৰ কলেজ,জয়সাগৰৰ পৰা ৰাজনীতি বিভাগৰ স্নাতক ডিগ্ৰীধাৰী ফুকনে পৰৱৰ্তীকালত সংযোগী শিক্ষাৰ অধীনত ৰাজনীতি বিজ্ঞান আৰু গণসংযোগ আৰু সাংবাদিকতা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী ধাৰণ কৰাৰ উপৰি বৰ্তমান সমাজতত্ব বিভাগৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ অন্তিম ষান্মাষিকৰ ছাত্ৰ৷সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্বাচিত সাধাৰণ সম্পাদক শিৱসাগৰৰ অধিৱেশনত সমীৰণ ফুকন বুলি আছুৰ নেতৃত্বই ঘোষণা কৰে৷