PR NEWS ASSAM : শিৱসাগৰ জিলাৰ কৃষক সকলক উপকৃত কৰাৰ স্বাৰ্থত ২০২২-২৩ বৰ্ষৰ খাৰিফ বতৰৰ বাবে শিৱসাগৰ জিলাত ৬টা ধান ক্ৰয় কেন্দ্ৰ (Paddy Procurement Centre) মুকলি কৰাৰ ব্যৱস্থা কৰা হৈছে । উক্ত ধান ক্ৰয় কেন্দ্ৰ কেইটা হৈছে ম’ৰাবজাৰ (AFCSCL), আমগুৰি/শলগুৰি (NAFED), ডিমৌ (AFCSCL), খনামুখ (FCI), শিৱসাগৰ (AFCSCL) আৰু নাজিৰা (AFCSCL) । উক্ত ধান ক্ৰয় কেন্দ্ৰত কৃষক সকলে ধানৰ উচিৎ মূল্য (MSP) প্ৰতি কুইণ্টলত ন্যুনতম ২০৪০/- টকাৰ দৰত ধান বিক্ৰী কৰিব পাৰিব । সেয়ে সকলো কৃষকে স্থানীয় কৃষি সম্প্ৰসাৰণ বিষয়াৰ যোগেদি পঞ্জীয়ণ কৰাৰ লগতে যাৱতীয় তথ্য-পাতি যুগুত কৰি ওচৰৰ ধান ক্ৰয় কেন্দ্ৰত ধান বিক্ৰী কৰিবলৈ শিৱসাগৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে । ধানৰ বিক্ৰী মূল্য ধান ক্ৰয় কেন্দ্ৰ সমূহে কৃষকৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা কৰিব ব্যক্তিগত ব্যৱসায়ী সকলে চৰকাৰৰ দ্বাৰা নিৰ্দ্ধাৰিত ধানৰ নুন্যতম মূল্য অৰ্থাৎ ২০৪০/- টকাৰ কম দৰত যিকোনো পৰিস্থিতিতে কৃষকৰ পৰা ধান ক্ৰয় কৰিব নোৱাৰিব । অন্যথা উক্ত ব্যৱসায়ীসকলৰ ওপৰত আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি শিৱসাগৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাননী জাৰি কৰিছে।

