PR NEWS ASSAM ঃ শিৱসাগৰ জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱৰ অধ্যক্ষতাত যোৱা ২৯ অক্টোবৰ তাৰিখে উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত অক্টোবৰ মাহৰ শিৱসাগৰ জিলা উন্নয়ন সমিতিৰ সভাখন অনুষ্ঠিত হৈ যায় । উক্ত সভাত জিলাখনৰ বিভিন্ন বিভাগৰ অধীনত সমাপ্ত হোৱা আৰু বৰ্তমান চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয় আৰু আগন্তুক দিনত বিভাগ সমূহে নিজ নিজ চৰকাৰী আঁচনি সময়মতে সম্পন্ন কৰিবলৈ উপায়ুক্তই নিৰ্দেশ দিয়ে৷সভাত কৃষি, উদ্যোগ আৰু বাণিজ্য, পশুপালন আৰু পশুচিকিৎসা, শিক্ষা, মীন, ৰেচম, লোকনিৰ্মাণ গৃহ আৰু লোকনিৰ্মাণ পথ, খাদ্য আৰু অসমাৰিক যোগান, জলসম্পদ, অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযান, প্ৰদূষণ নিয়ন্ত্ৰণ, শ্ৰম, সমাজ কল্যাণ, পৰ্য্যটন, জনস্বাস্থ্য কাৰিকৰী আদিকে ধৰি বিভিন্ন বিভাগৰ কামৰ অগ্ৰগতিৰ সন্দৰ্ভত উপায়ুক্তগৰাকীয়ে বিভাগীয় মুৰব্বীসকলৰ পৰা শেহতীয়া তথ্যসমূহ লয়৷
আজিৰ এই জিলা উন্নয়ণ সমিতিৰ সভাত উপায়ুক্তৰ উপৰিও জিলা উন্নয়ণ আয়ুক্ত শোভন গোৱালা, জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া অশ্বিনী দলে, অতিৰিক্ত উপায়ুক্তসকল ক্ৰমে বিতোপন নেওগ, কৰ্মদেৱ ব্ৰহ্ম, চন্দনা বৰুৱা, মন্দিৰা বৰুৱা, নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈন, জিলাখনৰ বিভিন্ন বিভাগৰ বিভাগীয় মুৰব্বী বিষয়াসকলৰ লগতে উপায়ুক্ত কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে৷
শিৱসাগৰ উপায়ুক্তৰ অধ্যক্ষতাত শিৱসাগৰ জিলা উন্নয়ণ সমিতিৰ সভা সম্পন্ন৷
