শিৱসাগৰ আদালতত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, অখিল গগৈ আৰু কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে মানহানি গোচৰ বিজেপিৰ ময়ুৰ বৰগোহাঁইৰ ৷

কেইদিনমানৰ পূৰ্বে সামাজিক মাধ্যমত ভাইৰেল হোৱা নামনি অসমৰ তথা বৰপেটাৰ কেইবাজনো শ্ৰমিকক এটা ভিডিঅ’ত কাম কৰাৰ বাবদ টকা নিদি মাৰপিট কৰি খেদি দিয়াৰ দৃশ্য আৰু উক্ত বিষয়ক লৈ সমগ্ৰ অসমতেই প্ৰতিক্ৰিয়াৰ লগতে অসম বিধানসভা আৰু বিভিন্ন মাধ্যমত শিৱসাগৰ জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ময়ুৰ বৰগোহাঁইক জগৰীয়া তথা সন্দেহৰ আঙুলি প্ৰক্ষেপ কৰাত সোচ্ছাৰ হৈ পৰা আৰু জিলা সভাপতিজনক গ্ৰেপ্তাৰ কৰিবলৈ উচতনি দিয়াৰ বিৰুদ্ধে অসম বিধানসভাৰ দলৰ দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক অখিল গগৈ আৰু কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে ০৪/২০২৪ ৰ শীৰ্ষক এক মানহানি গোচৰ শিৱসাগৰ জিলাৰ জেষ্ঠ্য দেৱানী ন্যায়াধীশৰ আদালতত এক গোচৰ দাখিল কৰে৷ভাৰতীয় জনতা পাৰ্টিৰ শিৱসাগৰ জিলা সভাপতিজনে উক্ত গোচৰ দাখিলৰ সময়ত দলীয় কেইবাজনো বিষয়ববীয়া ,নাজিৰাৰ দলীয় কৰ্মী আৰু ব্যৱসায়ী আদিয়ে সংগ দিয়ে ৷ স্বাভাৱিকতে আগন্তুক দিনত ৰাজ্যৰ ৰাজনীতৰ বতাহ অধিক আকৰ্ষণীয় হোৱাৰ সম্ভাৱনা আছে ৷