PR NEWS ASSAM :১১ ফেব্ৰুৱাৰীঃ ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা মর্মে ১ জানুৱাৰী ২০২৬ তাৰিখক ভিত্তি হিচাপে গ্রহণ কৰি শিৱসাগৰ জিলাৰ অন্তর্গত ৯৫ নং ডিমৌ, ৯৬ নং শিৱসাগৰ আৰু ৯৭ নং নাজিৰা বিধানসভা সমষ্টিৰ ফটো সম্বলিত চূড়ান্ত সংহত ভোটাৰ তালিকা আনুষ্ঠানিকভাৱে প্রকাশ কৰা হয়। এই বিষয়ৰ লগত সংগতি ৰাখি শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাক্য সংবাদসেৱী সকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ সংবাদমেল অনুষ্ঠিত হয়। জিলা আয়ুক্ত তথা জিলা নির্বাচনী বিষয়া মৃদুল যাদৱৰ অধ্যক্ষতাত অনুষ্ঠিত সংবাদমেলত জিলাখনৰ শেহতীয়া ভোটাৰ তালিকাৰ পৰিসংখ্যা আৰু সংশোধন প্ৰক্ৰিয়াৰ বিষয়ে বিতং তথ্য দাঙি ধৰা হয়। সংবাদমেলখনত অতিৰিক্ত জিলা আয়ুক্ত (নির্বাচন) মীনাক্ষী পেৰ্মে, নাজিৰাৰ সম-জিলা আযুক্ত তথা ৯৭ নং নাজিৰা বিধানসভা সমষ্টিৰ নির্বাচন পঞ্জীয়ন বিষয়া প্রতিভা মেশ্রাম, অতিৰিক্ত জিলা আয়ুক্ত তথা ৯৬নং শিৱসাগৰ বিধানসভা সমষ্টিৰ নির্বাচন পঞ্জীয়ন বিষয়া সোণতৃষ্ণা ঘৰফলীয়া, সহকাৰী আয়ুক্ত চন্দনা জাহ্নবী আৰু নিৰ্বাচনী বিষয়া অদিতি নেওঁগ প্রমুখ্যে সংশ্লিষ্ট বিষয়া-কর্মচাৰী সকল উপস্থিত থাকে। প্রকাশিত সংবাদ বিজ্ঞপ্তি অনুসৰি, বিশেষ সংশোধনী ২০২৬ (এচ আৰ-২০২৬) ৰ সময়ছোৱাত লাভকৰা সকলো দাবী আৰু আপত্তিৰ সফল নিষ্পত্তিৰ পাছত এই চূড়ান্ত তালিকা প্রকাশ কৰা হৈছে। এই প্ৰক্ৰিয়াৰ অংশ হিচাপে যোৱা ২২ নৱেম্বৰ ২০২৫ ৰ পৰা ২০ ডিচেম্বৰ ২০২৫ লৈকে বুথ লেভেল বিষয়া সকলৰ দ্বাৰা ১০০ শতাংশ ঘৰে ঘৰে গৈ সমীক্ষা চলোৱা হৈছিল। আজি প্রকাশিত চূড়ান্ত তালিকা অনুসৰি জিলাখনৰ তিনিটা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হ’ল-৫,৭০,৫৬২ গৰাকী। ইয়াৰে ২,৭৯,৮৪৫ গৰাকী পুৰুষ, ২,৯০,৭১ গৰাকী মহিলা আৰু ৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে। বিগত বৰ্ষৰ তুলনাত জিলাখনত মুঠ ভোটাৰৰ সংখ্যা ৮৬৬ গৰাকী বৃদ্ধি পাইছে। সমষ্টি ভিত্তিত ভোটাৰৰ সংখ্যানুসৰি- ৯৫ নং ডিমৌ সমষ্টিত ১,৭৮,৩৯০ গৰাকী, ৯৬ নং শিৱসাগৰ সমষ্টিত ২,০৯,৯৭৬ গৰাকী আৰু ৯৭ নং নাজিৰা সমষ্টিত ১,৮২,১৯৬ গৰাকী। সংবাদমেলৰ পূৰ্বে আজি জিলা আযুক্তৰ কাৰ্যালয়ত স্বীকৃত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ সৈতেও এখন সভা অনুষ্ঠিত হয় আৰু তেওঁলোকক ভোটাৰ তালিকাৰ ই-মাধ্যম কপি প্রদান কৰা হয়। ভোটাৰসকলে নিজৰ নাম আৰু তথ্যসমূহ নির্বাচন আয়োগৰ ৱেবছাইট বা ভোটাৰ হেল্প লাইন এপ’ ৰ জৰিয়তে পৰীক্ষা কৰিবপাৰিব। কোনো ভোটাৰৰ কিবা অভিযোগ আদি থাকিলে অহা ২৫ ফেব্ৰুৱাৰী ২০২৬ ৰ ভিতৰত জিলা আয়ুক্তৰ ওচৰত আৰু ১২ মার্চ ২০২৬ ৰ ভিতৰত মুখ্য নির্বাচনী বিষয়াৰ ওচৰত আপীল দাখিল কৰিব পাৰিব বুলি প্ৰশাসন তথা বিভাগৰ তৰফৰ পৰা জনোৱা হৈছে।

