PR NEWS ASSAM :ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত আৰু প্ৰাৰ্থীত্ব প্ৰত্যাশীসকলৰ মাজত ব্যাপক কুচকাৱাজ আৰম্ভ হৈছে৷ভাৰতীয় জনতা পাৰ্টিয়ে নতুন মুখক নিৰ্বাচনত অগ্ৰাধিকাৰ দিয়াৰ কথা ইতিমধ্যেই বিভিন্ন সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে৷যোৰহাট,শিৱসাগৰৰ নিচিনা সন্মানীয় সমষ্টিসমূহত বিজেপিয়ে এইবাৰ অধিক গুৰুত্ব প্ৰদান কৰিছে ৷যোৰহাটত আৰু শিৱসাগৰত এইবাৰ নতুন মুখৰ প্ৰাৰ্থীক দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে ৷বিশেষ সূত্ৰৰ মতে শিৱসাগৰত অংকিতা দত্তক আৰু যোৰহাট বিধানসভা সমষ্টিত সিদ্ধাংকু অংকুৰ বৰুৱাই প্ৰাৰ্থীত্ব পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷
শিৱসাগৰ,যোৰহাটত সম্ভাৱ্য প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টিৰ নৱপ্ৰজন্মক গুৰুত্ব ৷
