PR NEWS ASSAM ২৬ আগষ্ট:সমগ্ৰ ৰাজ্যজুৰি কপাইযোৱা ধিং কাণ্ডৰ পাছত উজনি অসমৰ শিৱসাগৰ জিলা,নাজিৰা আদি অঞ্চলত শিৱসাগৰত আটাছু,টাইপা,বীৰ লাচিত সেনা,অনুসুচীত জাতি ছাত্ৰ সন্থা আদিকে ধৰি প্ৰায় ২৭ জাতীয় সংগঠনে সন্দেহযুক্ত নাগৰিক তথা মীয়া খেদাৰ অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তেই শিৱসাগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা উক্ত জাতীয় সংগঠনৰ নেতালৈ নিশাটোৰ ভিতৰতে শান্তি-শৃংখলা ভংগ ৰোধৰ বণ্ড তথা চমন জাৰি কৰাত জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷উল্লেখ্য যে শিৱসাগৰত এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা নাবালিকা খেলুৱৈক দিন-দুপৰতে বাবুপট্টি অঞ্চলত অনা-অসমীয়াৰ শাৰীৰিক নিৰ্যাতনৰ বলি হোৱাৰ পাছত জিলাখনত ৩০ জাতীয় সংগঠনৰ উদ্যোগত ৰাজপথত খিলঞ্জীয়াক নিৰাপত্তাক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্তৰ পাছত অনা-অসমীয়াৰ এটি দলে আৰ্থিক ক্ষতিপূৰণসহ শিৱসাগৰ যুৱদলত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা জিলাৰ অভিভাৱক মন্ত্ৰী ডা° ৰণোজ পেগুৰ উপস্থিতিত ৰাজহুৱা ক্ষমাভিক্ষা কৰিবলৈ বাধ্য হৈছিল৷খিলঞ্জীয়াৰ এনে জাগি উঠাৰ কাৰ্য্যত আৰু বৰ্তমানৰ মীয়া বিতাড়নৰ আন্দোলনৰ ফলত জিলাখনত শান্তি শৃংখলা ভংগৰ উমান পাই এতিয়া জিলা প্ৰশাসনে উক্ত সংগঠনসমুহৰ নেতালৈ চমন জাৰি কৰিছে যদিও এতিয়ালৈকে বহু সংগঠনে চহী কৰা নাই বুলি জানিব পৰা গৈছে আৰু উক্ত সংগঠনসমূহে প্ৰশাসনৰ এনে ব্যৱস্থাক ধিক্কাৰ দিছে আৰু স্পষ্ট কৰি দিছে যে অসম আৰু অসমীয়াৰ স্বাৰ্থত আপোচ কৰা নহ’ব বুলিও হুংকাৰ দিছে৷স্বাভাৱিকতে স্থানীয় জনসাধাৰণৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷এনে প্ৰেক্ষাপটত পৰিস্থিতি আগন্তুক দিনতে কি হয় লক্ষ্যণীয় হ’ব৷
শিৱসাগৰত ২৭ জাতীয় সংগঠনলৈ চমন জাৰি৷গৰজি উঠিছে জাতীয় সংগঠন৷
