PR NEWS ASSAM :- অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি শিৱসাগৰ জিলাৰ ব’ৰ্ডিং খেল পথাৰত আয়োজিত এক ৰাজহুৱা সভাত জিলাখনৰ বিভিন্ন অঞ্চলৰ বিভিন্ন মাইক্ৰ’ফাইনেন্স প্ৰতিষ্ঠানৰ অধীনত ঋণ লোৱা মহিলা হিতাধিকাৰীক ২০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে ।এই উদ্দেশ্য আয়োজিত সভাত মন্ত্ৰী পেগুৱে ভাষণ প্ৰসঙ্গত কয় যে দুখীয়া অৱহেলিত জনসাধাৰণক বিভিন্ন চৰকাৰী কল্যাণমূলক আঁচনিৰ দ্বাৰা সকাহ দিয়াৰ উদ্দেশ্যৰে এনে আঁচনি সমূহ সময়ে সময়ে গ্ৰহণ কৰি অহা হৈছে । এনেধৰণৰ আঁচনিৰ জৰিয়তে নগৰাঞ্চলৰ অৰ্থনীতিৰ লগতে গ্ৰামাঞ্চলৰ অৰ্থীনীতিও শক্তিশালী কৰিব পৰা যাব বুলি মন্ত্ৰীগৰাকীয়ে কয় ।উল্লেখযোগ্য যে বিভিন্ন জটিলতাৰ বাবে যি বিলাক মহিলাই মাইক্ৰ’ফাইনেন্স প্ৰতিষ্ঠানৰ ঋণৰ কিস্তি সময়মতে পৰিশোধ কৰিব পৰা নাছিল তেনে মহিলা সকলক এই আঁচনিৰ দ্বাৰা সামৰি লোৱা হৈছে । অনাগত দিনত মাইক্ৰ’ফাইনেন্স প্ৰতিষ্ঠান সমূহে আৰ. বি. আই(Reserve Bank of India)ৰ নিৰ্দেশনাৱলী আৰু নিয়ম সমূহ মানি চলি মাইক্ৰ’ফাইনেন্সৰ এক শৃংখলাবদ্ধ আৰু সন্ত্তোলিত পৰিবেশ গঢ়ি তুলিব লাগে বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে ।আজিৰ সভাৰ উদ্বোধনী ভাষণত উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱে মহিলা সকলক উদ্দেশ্যি তেওঁলোকে গ্ৰহণ কৰা ঋণ সৎ উদ্দেশ্যত ব্যৱহাৰ কৰি নিয়মিতভাৱে পৰিশোধ কৰি থাকিবলৈ আহ্বান জনায় ।সভাত মাইক্ৰ’ফাইনেন্সৰ ঋণ সম্বন্ধে থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাইয়েো বক্তব্য ৰাখে । আজিৰ সভাত শিৱসাগৰ জিলা পৰিষদৰ সভাপতি ধ্ৰৱজ্যোতি মাউত, শিৱসাগৰ পৌৰসভাৰ সভানেত্ৰী মৃণালিনী কোঁৱৰ,উপ পৌৰপতি সঞ্জীৱ বৰা, ভাৰতীয় জনতা পাৰ্টিৰ শিৱসাগৰ জিলাৰ সভাপতি ময়ুৰ বৰগোঁহাই আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।
শিৱসাগৰত মন্ত্ৰী ৰণোজ পেগুৱে বিতৰণ কৰিলে অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ চেক৷
