নিউজ ডেস্ক PR NEWS ASSAM
সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিন জ্যোতি গগৈ আৰু অসম গণ পৰিষদৰ পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকাৰ যোগদানে আঞ্চলিক দলটিক এক নতুন মাত্ৰা প্ৰদান কৰিছে৷দুদিনীয়াকৈ অনুষ্ঠিত হোৱা আজি সামৰণি পৰিবলগীয়া অভিৱৰ্তনতেই লুৰিনজ্যোতি গগৈ সভাপতি হিচাবে মনোনীত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ইফালে বিধায়ক পবিন্দ্ৰ ডেকা কাৰ্যকৰী সভাপতি অথবা সাধাৰণ সম্পাদকৰ দৌৰত আছে বুলি জানিব পৰা গৈছে৷

