PR NEWS ASSAMঃ শিৱসাগৰ জিলাৰ জয়সাগৰস্থিত ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্প ক্ষেত্ৰত অসম গণ পৰিষদ দলৰ শিৱসাগৰ জিলাৰ অন্তগত বিধানসভা সমষ্টিৰ কৰ্মীসকললৈ বুথ সন্মিলন অনুষ্ঠিত হয়৷উক্ত সন্মিলনত দলৰ সভাপতি তথা শ্ৰদ্ধাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত অতুল বৰা ,কাৰ্যকৰী সভাপতি তথা কেবিনেট মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত,বিধায়ক তথা দলৰ সাধাৰণ সম্পাদক প্ৰদীপ হাজৰিকা,বিধায়ক ফণীভুষণ চৌধুৰী,বিধায়ক ভবেন্দ্ৰনাথ ভৰালী,বিধায়িকা ৱেণুপমা ৰাজখোৱাকে ধৰি জেষ্ঠ্য নেতা,যুৱ নেতা সকল উপস্থিত থাকে ৷সভাত আগন্তুক দিনত দলটো আগবঢ়াই লৈ নিৰ্বাচনসমুহত শক্তিশালীভাৱে অংশগ্ৰহণ কৰাৰ বাবে সকলোকে আহ্বান জনায় আৰু দলক ৰাইজৰ মাজত অধিক গতিশীলতাত প্ৰদান কৰাত মনোনিৱেশ কৰিবলৈ উক্ত সভাত অংশগ্ৰহণ কৰি সকলোৰে লগত মত বিনিময় কৰে৷
শিৱসাগৰত অসম গণ পৰিষদৰ বুথ সন্মিলন৷
