PR NEWS ASSAM:
অসম বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ (Public Accounts Committee) অধ্যক্ষ তথা বিধায়ক ৱাজেদ আলী চৌধুৰীৰ নেতৃত্বত এটি দলে দিনজোৰা কাৰ্যসূচীৰে যোৱা ১৪ অক্টোবৰ তাৰিখে শিৱসাগৰ জিলাৰ অন্তৰ্গত বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজৰ তদাৰক কৰে ।এই উপলক্ষ্যে জিলা উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত অধ্যক্ষ ৱাজেদ আলি চৌধুৰীৰ সভাপতিত্বত তথা সমিতিৰ সদস্য তথা বিধায়কসকল ক্ৰমে কৰিমউদ্দিন বৰভূঞা, হাফিজ বাচিৰ আহমেদ, উৎপল বৰা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, গোবিন্দ বসুমতাৰী, চক্ৰধৰ গগৈ, বসন্ত দাস, কমলাক্ষ দে পুৰকায়স্থ, ভৱেন্দ্ৰ নাথ ভৰালী আৰু বিধানসভা সমিতিৰ বিষয়ববীয়া সকলৰ অংশগ্ৰহণত জিলাখনৰ কৃষি, জলসিঞ্চন, জলসম্পদ, লোকনিৰ্মাণ, স্বাস্থ্য, খাদ্য আৰু অসামৰিক যোগান, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, সমাজ কল্যান, জনস্বাস্থ্য আৰু কাৰিকৰী, শিক্ষা আদি বিভিন্ন বিভাগ সমুহৰ উন্নয়নমুলক কামৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয় ।সমিতিৰ সভাপতি তথা সদস্য সকলে শিৱসাগৰ জিলাত বিভিন্ন বিভাগৰ আঁচনি সমূহ অতি ক্ষিপ্ৰতাৰে আৰু সময়মতে সম্পাদন কৰিবলৈ নিৰ্দেশ দিয়ে । বিশেষকৈ অসম-নগালেণ্ড সীমান্তৰ বিহুবৰৰ মূল পথটো যাতায়তৰ বাবে সুচল কৰি তোলা আৰু জিলাখনত জলজীৱন মিছন আঁচনিৰ অধীনত ৰূপায়িত হৈ থকা প্ৰকল্প সমূহ নিখুঁত ভাৱে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে ।সভাত জিলাখনৰ সকলো বিভাগৰ বিভাগীয় মূৰব্বী সকলে তেওঁলোকৰ নিজ নিজ বিভাগৰ কামৰ অগ্ৰগতিৰ খতিয়ান সমিতিৰ আগত দাখিল কৰে, উক্ত পৰ্যালোচনা বৈঠকত শিৱসাগৰৰ উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্চিনী দলে, জিলা উন্নয়ন আয়ুক্ত শোভন গোৱলা, অতিৰিক্ত উপায়ুক্ত কৰ্মদেৱ ব্ৰহ্ম আৰু আন আন বিভাগৰ বিভাগীয় মূৰব্বী সকল উপস্থিত থাকে ।জিলা তথ্য আৰু জনসংযোগ বিষয়া জয়ন্ত মাউতে প্ৰেছ বাৰ্তাত জনাইছে ৷
শি্ৱসাগৰত অসম বিধান সভাৰ ৰাজহুৱা হিচাব পৰীক্ষণ সমিতিৰ পৰ্যালোচনা সভা৷
