শিশু নিৰ্যাতনৰ গোচৰত অভিযুক্ত ডাঃ সংগীতা দত্তৰ জামিন আবেদন নাকচ আদালতৰ ৷

PR NEWS ASSAM নিউজ ডেস্কঃ শিশু নিৰ্যাতনৰ গোচৰত অভিযুক্ত ডাঃ সংগীতা দত্তৰ জামিন আবেদন নাকচ কৰে মঙলবাৰে POCSO বিশেষ আদালতে। উল্লেখ্য, ইতিমধ্যে সংগীতা দত্ত আৰু তেওঁৰ স্বামী ৱালিউলৰ বিৰুদ্ধে দুখনকৈ চাৰ্জশ্বীট দাখিল কৰা হৈছে৷ চিকিত্‍সক দম্পতীক নীতি বিৰুদ্ধভাৱে শিশু যোগান ধৰা উৎপলা বসুৰো জামিন নাকচ কৰা হৈছে।আদালতত চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাই অধিবক্তা দীপা বেজবৰুৱাই। গুৰুত্বপূৰ্ণ যে POCSO গোচৰটোত ডাঃ ৱালিউল ইছলামৰ বিৰুদ্ধে পকচো আইনৰ ৬ নং ধাৰা আৰোপ কৰা হৈছে৷POCSO আইনৰ অধীনৰ ধাৰাত শীঘ্ৰে জামিন পোৱাটো সহজ নহ’ব৷