নিউজ ডেস্ক PR NEWS ASSAM
ৰাজ্যৰ শিক্ষা ব্যৱস্থা সংস্কাৰ কৰিবলৈ কেবিনেটৰ কেতবোৰ সিদ্ধান্ত লোৱা সম্পৰ্কত আজি গুৱাহাটীত আছুসহ চাৰিটা সংগঠনে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠত কৰে। সদৌ অসম ছাত্ৰ সন্থা , অসম সাহিত্য সভা, বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিনিধি উপস্থিত থকা এই সভাত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া, বড়ো সাহিত্য সভাৰ সভাপতি তোৰেন বড়ো আৰু এবছুৰ মুৰব্বী দ্বিপেন বড়ো উপস্থিত থাকে৷ আছুৰ তৰফৰ পৰা উপস্থিত থাকে সংগঠনটোৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্য, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু সভাপতি দীপাংক নাথ। সভাত মূলতঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা কেবিনেটে লোৱা সিদ্ধান্তৰ চাৰি জাতীয় সংগঠনে বিৰোধিতা কৰে। সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই কয় যে অসম সাহিত্য সভাই শিক্ষা সংস্কাৰৰ নামত চৰকাৰে কেবিনেটত লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰিছে ৰাইজৰ মতামত লোৱা হ’ব আৰু ৰাইজে যদি কয় প্ৰতিবাদ কৰিব লাগে, তেতিয়া আমি আন্দোলন কৰিম।”
চৰকাৰে কেবিনেটৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায়। সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক শংকৰজ্যোতি বৰুৱাই চৰকাৰৰ সিদ্ধান্ত অদূৰদৰ্শী, অবিজ্ঞানসন্মত আৰু অযুক্তিকৰ বুলি আখ্যা দি এই সিদ্ধান্তই অসমীয়া মাধ্যম,বড়ো মাধ্যম, মাতৃভাষা মাধ্যমক ধ্বংসৰ মুখলৈ ঠেলি দিব বুলি উল্লেখ কৰে। তেওঁ চৰকাৰৰ এই সিদ্ধান্ত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰিপন্থী বুলি প্ৰকাশ কৰি অসমীয়া মাধ্যম,বড়ো মাধ্যম, মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত নিজ নিজ মাধ্যমত পাঠদান অব্যাহত ৰখাৰ দাবী জনায়।যৌথ মঞ্চই চৰকাৰৰ সিদ্ধান্ত বাতিল নকৰালৈ ক্ষান্ত নহয় বুলি প্ৰকাশ কৰাৰ লগতে তিনিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেটৰ এনে সিদ্ধান্ত প্ৰত্যাহাৰৰ বাবে যৌথ মঞ্চই মুখ্যমন্ত্রীলৈ স্মাৰক পত্ৰ প্ৰেৰণ , ৰাজ্যৰ শিক্ষাবিদসকলৰ সৈতে আলোচনাত মিলিত হ’ব যৌথ মঞ্চ আৰু শীঘ্ৰেই এই সন্দৰ্ভত শৈক্ষিক অভিৱৰ্তন অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিয়ে৷

