“শিক্ষা কেৱল চাকৰি বা ব্যৱসায়ৰ বাবে নহয়, বৰঞ্চ নাগৰিক হিচাপে নিৰাপত্তাৰে জীয়াই থকাৰ ই এক মাধ্যম”: শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

PR NEWS ASSAM ঃ কামৰূপ মহানগৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ উদ্যোগত আৰু  ৰাজ্যিক সাক্ষৰতা মিছন প্ৰাধিকৰণ, অসমৰ সৌজন্যত দিছপুৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত জৰীপ‌কাৰীসকলৰ এক বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।প্ৰশিক্ষণ কাৰ্যসূচী শুভ উদ্বোধন কৰে অসম চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।