জাপানৰ টকিঅ’ অলিম্পিকত ব্ৰঞ্জ পদক লাভেৰে অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইক অসম আৰক্ষীৰ ডি এছ পি চাকৰিত যোগদান কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰস্তাৱ দিয়ে৷গুৱাহাটীৰ এটা পথ লাভলীনা বৰগোহাঁইৰ নামেৰে নামকৰণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীজনে ঘোষণা কৰে৷শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত খেলুৱৈ গৰাকীক সম্বদ্ধনা অনুষ্ঠানত তেওঁক এক কোটি টকাৰ চেক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হয়৷
লৌহ কন্যা লাভলীনাক অসম আৰক্ষীৰ ডি এছ পি পদ প্ৰদান মুখ্যমন্ত্ৰীৰ ৷
