যোৰহাটৰ পৰা প্ৰশান্ত কুমাৰ দত্তৰ ৰিপ’ৰ্ট PR NEWS ASSAMঃ
পশ্চিম যোৰহাটৰ কটকী পুখুৰীত থকা যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ অধীনস্থ ৰাজহুৱা বাছ আস্থানৰ বৃহৎ পৰিমাণৰ ভূমি অনা অসমীয়া বণিয়াক চূড়ান্ত অনিয়মেৰে গতাই দিছে প্ৰাধিকৰণে। এই গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে যোৰহাটৰ বিশিষ্ট অধিবক্তা ৰিণ্টু গোস্বামীয়ে। গোস্বামীসহ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে এক সংবাদমেলত এই অভিযোগ তথ্যসহ দাঙি ধৰে। সম্পূৰ্ন গোপণে যোৰহাট উন্নয়ন প্ৰাধিকৰণে এক চুক্তি কৰি নীতিশ জৈন নামৰ এজন অনা অসমীয়া বণিয়াৰ ” জৈনকো মেকানিকেল কনষ্ট্ৰাকচন ” নামৰ এক প্রতিষ্ঠানক আবাসীক আৰু ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণৰ বাবে এক বিসংগতি পূৰ্ণ চুক্তি কৰি ১৪ বিঘাৰো অধিক ভূমি গতাই দিয়ে। এই কথাৰ তীব্ৰ প্ৰতিবাদ যোৰহাটত হ’ব আৰু ইয়াৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ দিছে অধিবক্তা গোস্বামী সহ ভালেইকেইজন সচেতন ব্যক্তিয়ে। আৰু এই ক্ষেত্ৰত যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আৰু প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ স্থিতি স্পষ্ট কৰিবলৈও তেওঁলোকে সংবাদমেলত দাবী কৰে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী শীঘ্ৰে হস্তক্ষেপ কৰি প্ৰাধিকৰণৰ সভাপতি প্ৰশান্ত গোস্বামীক নিলম্বিত কৰিবলৈ দাবী জনায়।

