মৰিয়নীৰ চেলেংহাট আৰক্ষী চকীত ছাৰ্ভিচ ৰিভালভাৰে গুলীয়াই আত্মহত্যা ভাৰপ্ৰাপ্ত বিষয়াৰ৷

নিউজ ডেস্ক PR NEWS ASSAM ঃ

মৰিয়নীৰ চেলেংহাট আৰক্ষী চকীত নিজৰ ছাৰ্ভিচ ৰিভলভাৰেৰে মূৰত গুলীয়াই আত্মহত্যা কৰে আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভূপেন দিহিঙিয়াই৷ নিজ আৱাসতে আত্মহত্যা কৰে আৰক্ষী বিষয়াজনে৷ উল্লেখ্য যে তিনি দিনৰ পূৰ্বে চেলেংহাট আৰক্ষী চকীত ভাৰপ্ৰাপ্ত বিষয়া হিচাপে যোগদান কৰিছিল ভূপেন দিহিঙীয়াই৷ আৰক্ষী বিষয়াজনৰ ঘৰ লখিমপুৰৰ লীলাবাৰীত বুলি জানিব পৰা গৈছে৷ চেলেংহাট আৰক্ষী চকীতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি গাতো বেয়া লগা বুলি ক্ষন্তেক জিৰণি ল’বৰ বাবে নিজ আৱাসলৈ গৈছিল আৰক্ষী বিষয়াজন৷ ইয়াৰ পাছত আৰক্ষী চকীৰ এজন জোৱানে কিবা বিষয়ৰ সন্দৰ্ভত বিষয়াগৰাকীক ফোন কৰাত দীৰ্ঘ সময় ধৰি ফোন নধৰাত বিষয়াজনৰ আৱাসত এজন জোৱানে মাতিবলৈ গৈ বিষয়াগৰাকীৰ আবাসগৃহৰ দুৱাৰ বন্ধ থকা প্ৰত্যক্ষ কৰে৷ জোৱানজনে খিৰিকীৰে বিষয়াগৰাকীৰ কোঠালৈ জুমি চোৱাত তেজেপে লুতুৰি-পুতুৰি হৈ থকা অৱস্থাত আৰক্ষী বিষয়াজনৰ মৃতদেহ মজিয়াত পৰি থকা প্ৰত্যক্ষ কৰে৷ আনহাতে, মৃতদেহৰ কাষতে পৰি আছিল নিজৰ ছাৰ্ভিচ ৰিভলভাৰটো৷ ইয়াৰ পাছতে একাংশ আৰক্ষীয়ে দৰ্জা ভাঙি উদ্ধাৰ কৰে মৃতদেহটো৷ আৰক্ষী বিষয়াগৰাকীৰ আত্মহত্যাৰ কাৰণ পোহৰলৈ অহা নাই যদিও একাংশ সতীৰ্থ আৰক্ষীয়ে বিষয়াগৰাকী কোনো এক বিষয়ক লৈ মানসিক অশান্তিত ভুগি থকা বুলি প্ৰকাশ কৰে৷ আৰক্ষীয়ে মৃতদেহটোৰ কাষৰ পৰা ছাৰ্ভিচ ৰিভলভাৰটোৰ লগতে গুলীৰ এটা খালী কাৰ্টিজ উদ্ধাৰ কৰে৷ আনহাতে এক বিশেষ সূত্ৰে জানিব পৰা মতে মৃত্যুৰ পূৰ্বে আৰক্ষী বিষয়াগৰাকীয়ে এক ছুইচাইড নোটযোগে লিপিবদ্ধ কৰি যায় আত্মহত্যাৰ কাৰণ৷ কিন্তু ইয়াৰ বিপৰীতে কোনো ছুইচাইড নোট আৰক্ষীয়ে উদ্ধাৰ কৰা নাই বুলি জানিবলৈ দিয়ে যোৰহাটৰ আৰক্ষী অধীক্ষক মোহনলাল মিনাই৷ টীয়ক ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷ ইফালে, বিয়লি মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী চেলেংহাট আৰক্ষী চকীত উপস্থিত হৈ ঘটনাৰ বুজ লয়৷ ঘটনাটোৱে যথেষ্ট ৰহস্যৰ সৃষ্টি কৰিছে বুলি জানিব পৰা গৈছে৷