মেছাগড়ত শালিধানৰ কঠীয়া সিচাঁ কাৰ্যসূচীত কৃষিমন্ত্ৰী অতুল বৰা,তৎপৰ জিলা প্ৰশাসন৷


নাজিৰা মহকুমাৰ অন্তৰ্গত কৃষিকৰ্মৰ প্ৰাণকেন্দ্ৰ স্বৰূপ মেছাগড়ত অহা ইং ১২ জুন তাৰিখে শালিধানৰ কঠীয়া সিচাঁ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই৷জয়সাগৰ কৃষি বিভাগৰ তত্ত্বাৱধানত দিনৰ ১১ বজাৰ পৰা মেছাগড়ত অনুষ্ঠিত হ’বলগীয়া উক্ত কাৰ্যসূচীৰ উদ্যোগ ল’ব বীৰঙ্গনা মুলাগাভৰু কৃষিপাম সমবায় সমিতি লিমিটেডে৷পৰৱৰ্তী কাৰ্যসূচী হিচাবে মন্ত্ৰীজনে শিৱসাগৰ জিলাৰ কৃষি,পশুপালন,সীমান্ত সুৰক্ষা তথা অসম চুক্তি ৰুপায়ন আৰু সমবায় বিভাগৰ উচ্চ পদস্থ বিষয়া বৰ্গৰ সৈতে দিনৰ ২ বজাত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত জিলাৰ আৱৰ্ত ভৱনত এক সভাত মিলিত হ’ব বুলি জানিব পৰা গৈছে৷