নাজিৰা মহকুমা অন্তৰ্গত মেছাগড় চাওবিন ক্ষেত্ৰত গঢ় লোৱা বৃহৎ অসমীয়া জাতিৰ আহোম সকলৰ বৰগোহাঞি উপাধিধাৰী লোকসকলে ১৯২১ চনৰ পৰা আধুনিক ভাৱে এক স্বতঃষ্ফুৰ্ত্ত ৰূপত পালন কৰি অহা বংশাৱলীৰ সম্প্ৰতি এশ বছৰত ভৰি দিয়াৰ গৰিমাৰে দুৱাৰ মুকলি হ’ল শতবৰ্ষীয় বৰগোহাঞি বংশাৱলীৰ । চাওবিন ক্ষেত্ৰ নামাংকিত উদযাপন থলীত আজি পুৱাৰ ভাগত এশখন পতাকাৰ উত্তোলণ কৰা হয় জ্যেষ্ঠ নাগৰিক সকলৰ দ্বাৰা । সদৌ বৰগোহাঞি বংশাৱলীৰ কেন্দ্ৰীয় সভাপতি মুহি বৰগোহাঁইয়ে প্ৰথমখন পতাকাৰ উত্তোলণ কৰি বংশাৱলীৰ চিৰ শ্বাস্বত গৌৰৱ অম্লান কৰি ৰখাৰ সংকল্প আগবঢ়ায় । এশ গৰাকী মুগাৰ সাজ পৰিধান কৰা মহিলাই পৰিৱেশন কৰে পতাকা উত্তোলণৰ গীত । ইয়াৰ পাছতে বিশিষ্ট সমাজ কৰ্মী গংগাপ্ৰসাদ বৰগোহাঁইয়ে স্বৰ্গগত ডা-ডাঙৰীয়া, পুলিন পুথাও সকলৰ পৱিত্ৰ স্মৃতিত সজাই তোলা মৈদামত তৰ্পণ কৰে । আনহাতে স্বৰ্গদেউ চুকাফাৰ সময়ৰ প্ৰথমজনা বৰগোহাঞি থাওম্যুং কাঙ্গনৰ স্মৃতিত নিৰ্মিত উদ্যানৰ উদ্বোধন কৰে বিশিষ্ট চিকিৎসক ডাঃ যতীন্দ্ৰনাথ বৰগোহাঁইয়ে গছপুলি ৰোপন আৰম্ভ কৰে জিলা পৰিষদৰ সদস্য লক্ষীনাথ সন্দিকৈয়ে । ফুৰালুং তৰ্পন কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে ম’লৌং তিলেশ্বৰ মহনে । শিক্ষাবিদ বাপুৰাম কোঁৱৰে মুখ্য তোৰণ উদ্বোধনৰ লগতে মঞ্চৰ উদ্বোধন কৰে শিক্ষাবিদ কৃষ্ণ বৰগোহাঞিয়ে । স্বৰ্গদেউ চুকাফাৰ সাত ৰাজ সামৰি বৃহৎ আহোম ৰাজ্যৰ প্ৰতিষ্ঠা কৰাক সম্প্ৰীতিৰ বহল দৃষ্টি আৰু মহাসতী জয়মতীৰ ভূমিকাক এসময়ৰ স্বেচ্ছাচাৰী ল’ৰা ৰজাৰ জাতি ধ্বংসী চিন্তাৰ বিৰুদ্ধে প্ৰৱল পৰাক্ৰমৰ পৰিচয় বুলি তেওঁ উল্লেখ কৰে । দ্বিতীয় দিনাৰ কাৰ্যসূচীত বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঁই, মাজুলী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামী, বিশিষ্ট বুদ্ধিজীৱি দয়ানন্দ বৰগোহাঁই,বিধায়ক দেৱব্ৰত শইকীয়া, প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহাই ধৰি বিভিন্ন ব্যক্তিয়ে মুকলি সভাত অংশগ্ৰহণ কৰি মুকলি বক্তব্য আগবঢ়ায় আৰু এক গ্ৰন্থ উন্মোচন কৰে৷
মেছাগড়ত বৰগোহাঞি বংশাৱলীৰ শতবাৰ্ষিকী অনুষ্ঠান৷
