মুখ্যমন্ত্ৰী বিধৱা সাহায্য আঁচনিৰ অধীনত, নাজিৰাৰ ৫ গৰাকী হিতধিকাৰীলৈ চেক প্ৰদান৷

PR NEWS ASSAM নাজিৰাঃ

নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ অধীনত ক’ভিড- ১৯ ত স্বামীহাৰা মহিলাক আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্য নাজিৰা মহকুমাৰ অন্তৰ্গত পাঁচগৰাকী মহিলাক ২.৫ লাখ টকাৰ একোখনকৈ চেক মহকুমাধিপতি সব্যসাচী কাশ্যপে প্ৰদান কৰে

এই উপলক্ষে উপস্থিত লোকসকলক সম্বোধন কৰি মহকুমাধিপতি গৰাকীয়ে কয়,
“এই এককালীন আৰ্থিক সাহায্যই বিধৱাসকলৰ আৰ্থিক দুৰ্দশা কিছু পৰিমাণে লাঘৱ কৰিব আৰু তেওঁলোকক এক সন্মানীয় জীৱন যাপন কৰাত সহায় কৰিব
।”

উল্লেখযোগ্য যে যিসকল মহিলাৰ স্বামীয়ে কোভিড-১৯ ত আক্ৰান্ত হোৱাৰ পিছত মৃত্যুবৰণ কৰিছে তেওঁলোক এই আঁচনিৰ অধীনত লাভাম্বিত হোৱাৰ যোগ্য। অৱশ্যে, বিধৱা গৰাকী নিম্ন উপাৰ্জনকাৰী হ’ব লাগিব আৰু বাৰ্ষিক উপাৰ্জন ৫ (পাচঁ) লাখ টকাৰ ভিতৰত হ’ব লাগিব। চেক বিতৰণ কাৰ্যসূচীত নাজিৰা ৰাজহ চক্ৰ বিষয়া ভনলাল লিম্পুই নাম্পুই বিয়াতেও উপস্থিত থাকে