PR NEWS ASSAM
ৰাজ্যজুৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ভোটদানক লৈ দলীয় কৰ্মী আৰু বিষয়ববীয়াসকলক উদ্দেশ্যি দিয়া এক পত্ৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে নাজিৰাতো উক্ত পত্ৰক লৈ বিভ্ৰান্তি সৃষ্টি কৰিছে৷ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ তথা অধিবক্তা কোষৰ ৰাজ্যিক আহ্বায়ক জয়ন্ত কুমাৰ গোস্বামীয়ে উক্ত বিষয়ৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ পাছতো নাজিৰাত একাংশ লোকে বিভিন্ন গ্ৰুপত মুখ্যমন্ত্ৰীৰ ভুৱা স্বাক্ষৰ সম্বলিত পত্ৰখন বিতৰণ কৰি থকাৰ বিষয়টোৱে জনসাধাৰণৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ লগতে বিপথে পৰিচালিত হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে ৷স্বাভাৱিকতে এনে পৰিস্থিতিত নিৰ্বাচন সময়ত কি প্ৰভাৱ পৰে আৰু কি ব্যৱস্থা হ’ব সিহে লক্ষ্যনীয় বিষয় হিচাবে আগন্তক দিনত বিবেচিত হ’ব ৷
প্ৰতিবেদক, পংকজ মহন্ত,9957209708

