মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ কটন বিশ্ববিদ্যালয়ৰ বৰঙনি৷

নিউজ ডেস্ক ৰিপৰ্ট PR NEWS ASSAMঃ

ক’ভিড -১৯ বিৰুদ্ধে যুঁজিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই কটন বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু কৰ্মচাৰী সকলে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ এদিনৰ দৰমহা প্ৰদান কৰে। কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক দিগন্ত কুমাৰ দাসে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত ১৪ লাখ ৫২ হাজাৰ ৪৬২ টকাৰ এখন চেক অৰ্পন কৰে। ইয়াৰোপৰি যোৱা ২৭ মে তাৰিখে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ভৱেশ চন্দ্ৰ গোস্বামীয়ে নিজাৱবীয়াকৈ ১ লাখ টকা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ই-চেক আগবঢ়াই। উল্লেখনীয় যে, যোৱাবছৰো কটন বিশ্ববিদ্যালয় শিক্ষক আৰু কৰ্মচাৰী সকলে ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ এদিনৰ দৰমহা প্ৰদান কৰিছিল।