PR NEWS ASSAM টিহু
ৰাজ্যৰ বিভিন্ন খেলপথাৰ উন্নয়নৰ বাবে অসম চৰকাৰে আগবঢ়োৱা ” মুখ্যমন্ত্ৰীৰ গ্ৰাম্য উন্নয়ন যোজনা” আঁচনিৰ অধীনত বিশ লাখ টকা ব্যয় সাপেক্ষে উন্নয়ন কৰা খেলপথাৰৰ অনলাইন শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে থাকে সাজঘৰ(ড্ৰেচিং ৰূম) উদ্বোধন কৰে টিহু হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি সুৰেশ শৰ্মাই ।। উক্ত অনুষ্ঠানতে টিহু অঞ্চলৰ বহু কেইগৰাকী নবীন-প্ৰবীণ খেলুৱৈক সম্বৰ্দ্ধনা জনোৱা হয় । উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি আবেলি টিহু প্ৰাক্তন ফুটবল একাদশ আৰু পাঠশালা প্ৰাক্তন ফুটবল একাদশৰ মাজত প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয় ।

