নিউজ ডেস্ক PR NEWS ASSAM : নতুন ঠিকনা হ’ল মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ। জনতা ভৱনত নতুনকৈ স্থাপন কৰা হৈছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়। মুখ্যমন্ত্ৰীৰ নতুন কাৰ্যালয় মুকলি হ’ল আৰু শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। প্ৰায় ১৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে নতুন কাৰ্যালয়। পূজা- অৰ্চনাৰ অন্তত নতুন কাৰ্যালয়ত প্ৰৱেশ কৰিলে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। জনতা ভৱনৰ C ব্লকৰ সমীপত পাঁচ মহলীয়া আটক ধুনীয়া ব্লকত থাকিব মুখ্যমন্ত্ৰীৰ কাৰ্যালয়। সংলগ্ন হৈ থাকিব মুখ্যমন্ত্ৰীৰ সকলো কাৰ্যালয় লগতে অতিথিশালা, সভাগৃহ।
মুকলি হ’ল মুখ্যমন্ত্ৰীৰ নতুন কাৰ্যালয়৷
