মাজুলীত ১৬ খন গাৱঁৰ ৰাইজে নিৰ্মাণ কৰিলে পথ ৷

PR NEWS ASSAM যোৰহাটঃ


মুখ্যমন্ত্ৰী সমষ্টি তথা নদী দ্বীপ মাজুলীৰ ১৬খন গাঁৱৰ ৰাইজ ওলাই আহিল ৰাজপথলৈ।হাতে হাতে কোৰ লৈ।মাজুলীৰ ১৬খন গাঁৱৰ ৰাইজ অহা যোৱা কৰা একমাত্ৰ পথ ভকত চাপৰি চেৰাসূতিৰ ৰাইজে দীৰ্ঘ দিন ধৰি যাতায়তৰ বাবে জীয়াতু ভূগি আহিছে।তুলুঙা নাওৱেই একমাত্ৰ বাহন।উল্লেখযোগ্য যে উক্ত চেৰাসূতিত জনৈক শৰ্মা নামৰ এজন ঠিকাদাৰে এখন কাঠৰ দলং নিৰ্মাণ কৰিছিল যদিও কেইমাহমানৰ ভিতৰতে দলং ভাগি পৰে।যাৰ বাবে ৰাইজসকল ক্ষোভত অতিষ্ঠ হৈ আজি সকলো ওলাই আহিল আহিল চেৰাসূতিৰ আলিমূৰলৈ।ৰাইজে পুতি পেলালে নদীৰ চেৰাসূতি।হাতে হাতে গঞাই কোৰ লৈ নদী পোতাত ব্যস্ত।সত্ৰ নগৰী মাজুলীত ৰাসৰ উখল মাইলৰ মাজতে আজিৰ প্ৰতিবাদে বিশেষ চৰ্চা লাভ কৰিছে।