মহাৰাষ্ট্ৰত একনাথ সিন্দেৰ গৃহ-বিত্ত-ৰাজহ দপ্তৰ দাবী ৷ প্ৰত্যাহ্বানত বিজেপিৰ ফাড়নবিছৰ ৷

মহাৰাষ্ট্ৰত বিজেপি নেতৃত্বই মুখ্যমন্ত্ৰীৰ নাম হিচাবে দেৱেন্দ্ৰ ফাড়নবিছৰ নাম ঘোষণা কৰিবলৈ লৈয়ো  থমকিব ধৰিছে ৷বিজেপি- মহাযুটিৰ মুখ্যমন্ত্ৰীৰ নাম  ঘোষণা যেন বিজেপিৰ বাবে অধিক কঠিন হৈ পৰিছে। বিজেপি নেতৃত্বই দেৱেন্দ্ৰ ফাড়নবিছৰ নাম ঘোষণা কৰিবলৈ লৈয়ো বাৰে বাৰে থমকিছে। মহাযুটিৰ মুখ্যমন্ত্ৰীৰ নাম ঘোষণাৰ ক্ষেত্ৰত বিগ ব্ৰাদাৰ বিজেপিক নতুন নতুন চৰ্তৰে আউল লগাইছে শিৱসেনাৰ বিধায়িনী দলৰ নেতা একনাথ সিন্দেই। সিন্দেই গৃহ, বিত্ত আৰু ৰাজহ দপ্তৰ দাবী কৰিছে। এই তিনিটা দপ্তৰ নাপালে শিৱসেনাই চৰকাৰক বাহিৰৰ পৰাহে সমৰ্থন দিৱ বুলি চৰ্ত বান্ধি দিলে একনাথ সিন্দেই। এনেদৰেই বিজেপিলৈ মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত বিজেপি হাই কমাণ্ডলৈ এৰিলে শিৱসেনাৰ বিধায়িনী দলৰ নেতাগৰাকীয়ে।নিৰ্বাচন প্ৰচাৰত একনাথ সিন্দে মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা প্ৰৱল আছিল যদিও এতিয়া ৰাজনীতিৰ অংক শেহতীয়া সমীকৰণে বাৰুকৈয়ে জংকপংক হৈছে৷