PR NEWS ASSAM :
সলনি হ’ল অসম বিৰোধী ঐক্যমঞ্চৰ নাম। এতিয়াৰে পৰা ‘অসম সন্মিলিত মৰ্চা’ নামেৰে জনা যাব বিৰোধী ঐক্যমঞ্চক। আজি এই ঘোষণা কৰে মঞ্চৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে ৷এই নামেৰেই পৰৱৰ্তী ৰাজনৈতিক যাত্ৰা চলাই নিব এই মঞ্চই। ‘অসম’ মিত্ৰজোঁট বা ‘অসম সন্মিলিত মৰ্চা’ হিচাপে পৰিচিত হ’ব পূৰ্বৰ বিৰোধী ঐক্যমঞ্চ, অসম।আগন্তক পঞ্চায়ত নিৰ্বাচন, বিধানসভা নিৰ্বাচন খেলিব ‘অসম’ মিত্ৰজোঁটে। উপ-নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ‘অসম’ মিত্ৰজোঁটে।

