ভাৰতীয় জনতা পাৰ্টিৰ জেষ্ঠ্য নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে দলৰ সকলো বিষয়বাব আৰু প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰে ৷উল্লেখ্য যে অসমত ভাৰতীয় জনতা পাৰ্টিক গতি দিয়াৰ ক্ষেত্ৰত নগাঁও লোকসভা সমষ্টিৰ পৰা একেৰাহে কেইবাবাৰো ধৰি সাংসদ হিচাবে নিৰ্বাচিত হৈ এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছিল আৰু নগাঁও জিলাখনতেই দলৰ সাংগঠনিক স্থিতি সবল কৰি ৰাখিছিল৷ শেহতীয়াভাৱে একাংশ ন-বিজেপিৰ দপদপনিত দলৰে সৈতে হোৱা সংঘাতত বৰ্ষীয়ান নেতাজন গুৰুত্বহীন হোৱা পৰিলক্ষিত হৈছিল ৷ নেতাজনে দলৰ ৰাজ্যিিকসভাপতি দিলীপ শইকীয়ালৈ পদত্যাগ পত্ৰ দাখিল কৰে ৷
বিজেপিৰ জেষ্ঠ্য নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ৷
