নিউজ ডেস্ক PR NEWS ASSAM
বিশেষ ভাৱে সক্ষম ব্যক্তিৰ আন্তঃৰাষ্ট্ৰীয় দিৱস উদযাপন আজি বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত । বন্তি প্ৰজলন কৰে স্থানীয় বিধায়িকা নৱনীতা সন্দিকৈয়ে৷বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন উপহাৰ প্ৰদান কৰা হয় আৰু লগতে এই দিৱস উপলক্ষে অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাত পুৰস্কাৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰ সমূহো বিতৰণ কৰা হয়।বামপথাৰ বেঙেনাবাৰী চৰকাৰী মজলীয়া বিদ্যালয়ৰ শিক্ষয়িত্ৰী যুৱযানী চাংমাইক তেখেতৰ অৱদানৰ বাবে সন্মানিত কৰা হয়।

