নাজিৰা মহকুমাৰ সামাজিক অনুষ্ঠান ’বঠা’ৰ উদ্যোগত আৰু নাজিৰা মহকুমা শিক্ষাখণ্ড, ৰাইজৰ সহযোগত লিগিৰী পুখুৰী বাগিচা প্ৰাথমিক বিদ্যালয়ত বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন কৰা হয় ৷ দিনটোযোৰা কাৰ্যসূচীৰে পুৱা পতাকা উত্তোলন,স্মৃতি তৰ্পণ,বৃক্ষ ৰোপণ,ঝুমুই,বিহু নৃত্য প্ৰদৰ্শনৰ লগতে কবিতা আবৃত্তি,আকস্মিক বক্তৃতা আৰু চিত্ৰাংকণ প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়৷মুকলি সভাত অংশগ্ৰহণ কৰে বিশিষ্ট শিক্ষাবিদ তথা সাংবাদিক বীৰেণ শৰ্মা, যুৱ সমাজকৰ্মী তথা অধিবক্তা পংকজ মহন্ত, শিক্ষাবিদ ৰাজেন শৰ্মা,সমাজকৰ্মী তুলসী গগৈ, নাজিৰা নগৰৰ ৱাৰ্ড কমিছনাৰ বৰা,শিক্ষক তথা নাজিৰা শিক্ষক সন্মিলনীৰ সম্পাদক শৈলেন্দ্ৰ কলিতাকে, সমাজকৰ্মী মৃদুল মহন্ত,নিজামুদ্দিন আহমেদকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল৷ বঠাৰ তত্ত্বাৱধায়ক ফটিক বৰুৱাই অনুষ্ঠান আতঁ ধৰে৷নাজিৰা মহকুমাৰ অন্তৰ্গত প্ৰায় ৩০০ ৰো অধিক বিশেষভাৱে সক্ষম ব্যক্তিয়ে অনুষ্ঠানত উপস্থিত থাকে৷ অনুষ্ঠানত বিশেষভাৱে সক্ষম পাখি শইকীয়াৰ সংগীতানুষ্ঠানে পৰিৱেশ অধিক জীপাল কৰি তোলে৷
বঠা’ৰ উদ্যোগত আৰু নাজিৰা মহকুমা শিক্ষাখণ্ড, ৰাইজৰ সহযোগত লিগিৰী পুখুৰী বাগিচা প্ৰাথমিক বিদ্যালয়ত বিশ্ব প্ৰতিবন্ধী দিৱস
