প্ৰাক্তন কেবিনেট মন্ত্ৰী ডাঃ নজৰুল ইছলামৰ দেহাৱসান।

নিউজ ডেস্ক PR NEWS ASSAM ঃঅসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ডাঃ নজৰুল ইছলামে হেলথ চিটী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে । দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল প্ৰাক্তন মন্ত্ৰীজন। লাহৰীঘাট সমষ্টিৰ পৰা ৫ বাৰকৈ বিধায়ক আছিল ডাঃ ইছলাম।প্ৰয়াত প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈৰ আমোলত স্বাস্থ্য আৰু যোগান বিভাগৰ মন্ত্ৰী আছিল নজৰুল ইছলাম। ৫ বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা নজৰুল ইছলাম আছিল তিনিবাৰৰ কেবিনেট মন্ত্ৰী। ১৯৯৬ চনত প্ৰথম বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল তেওঁ।নগাঁৱত সম্পন্ন হ’ব ডাঃ নজৰুল ইছলামৰ জানাজা।